নিউজ ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণৰূপে সমাপ্ত হোৱা নাই। অৱশ্যে, ইতিমধ্যে কেইবাটাও স্থানত ভোটগণনা আৰম্ভ হৈছে।ভোটগণনাৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই আমেৰিকাৰ বিৰোধী শিবিৰ ডেম’ক্ৰেটছসকল আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। প্ৰধানকৈ ড'নাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানসকলৰ দখলত থকা আসনসমূহত ডেম’ক্ৰেটছসকলে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰি ‘চাপ’ বৃদ্ধি কৰা দেখা গৈছে।
যদিও সমগ্ৰ ফলাফল প্ৰকাশ হ’বলৈ বুধবাৰৰ সন্ধিয়া পাৰ হৈ যাব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলে ধাৰণা কৰিছে। আৰু ইয়াৰ পিছতহে স্পষ্ট হ’ব যে মাৰ্কিন কংগ্ৰেছৰ দুয়োখন সদনত ক্ষমতাত থকা ৰিপাব্লিকান পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা অক্ষুণ্ণ ৰাখিব পাৰিবনে নাই !
আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি, কেৱল হাউচ অফ ৰিপ্ৰেজেণ্টেটিভ্ছে নহয়, চিনেটতো ডেম’ক্ৰেটসকল আগবাঢ়ি আছে। অৰ্থাৎ, ৰিপাব্লিকানসকলে জিকা চিনেট আসনসমূহ ডেম’ক্ৰেট শিবিৰৰ হাতলৈ যোৱাৰ সম্ভাৱনা প্ৰবল । যদিও শেষমুহূৰ্তত ডেম’ক্ৰেটসকলে কিমানখন আসন নিজৰ হাতলৈ আনিব পাৰিব, সেইয়া এতিয়াই কোৱাটো সম্ভৱ নহয়। সময় বাঢ়ি অহাৰ লগে লগে এই বিষয়টো স্পষ্ট হ’ব।
প্ৰাৰম্ভিক ধাৰাত ডেম’ক্ৰেট শিবিৰ উৎফুল্লিত হৈ পৰিছে। কেৱল মাৰ্কিন কংগ্ৰেছেই নহয়, আমেৰিকাৰ প্ৰদেশসমূহৰ (ষ্টেট) গভৰ্ণৰ পদ দখল কৰাৰ ক্ষেত্ৰতো তেওঁলোক আগবাঢ়ি আছে । যদিও অন্তৱৰ্তীকালীন নিৰ্বাচনৰ ফলাফলক লৈ বৰ্তমান চিন্তা কৰিব বিচৰা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ডেম’ক্ৰেটসকলক তেওঁ সকীয়নি দি থৈছে ।
এটা সাক্ষাৎকাৰত ট্ৰাম্পে আত্মবিশ্বাসেৰে কয় যে, নিৰ্বাচনৰ ফলাফল যিয়েই নহওক কিয়, আমেৰিকাৰ ৰাজনীতিৰ ওপৰত তেওঁ নিজৰ নিয়ন্ত্ৰণ বজাই ৰাখিব পাৰিব! ড'নাল্ড ট্রাম্পৰ ইমান আত্মবিশ্বাসৰ কাৰণ কি? তেওঁৰ মতে, "মোৰ হাতত চূড়ান্ত ক্ষমতা আছে— যাক কোৱা হয় ভেটো (Veto)!" তেওঁ লগতে জনায় যে যদি ডেম’ক্ৰেটিক প্ৰতিনিধিসকলে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত তেওঁক 'মিষ্টাৰ ভেটো' বুলি সম্বোধন কৰে, তেন্তে তেওঁ তাতো আৰাম অনুভৱ কৰিব।
তেওঁ দাবী কৰে যে কংগ্ৰেছত ডেম’ক্ৰেটসকলৰ সংখ্যাগৰিষ্ঠতাৰ বাবে অনাগত দুবছৰত তেওঁৰ প্ৰশাসনৰ নীতিসমূহ কাৰ্যকৰী কৰাৰ বাবে পৰ্যাপ্ত সুযোগ থাকিব। ট্ৰাম্পে বিশ্বাস কৰে যে তেওঁৰ এই 'ভেটো' ক্ষমতাই অৱশেষত ডেম’ক্ৰেটসকলক দীৰ্ঘম্যাদী আইনী সংঘাতৰ পথ পৰিহাৰ কৰিবলৈ বাধ্য কৰিব আৰু তাৰ পৰিৱৰ্তে তেওঁলোকক আলোচনাৰ মজিয়ালৈ ঠেলি দিব।
ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দৰেই আমেৰিকাত প্ৰতি চাৰি বছৰৰ অন্তৰে অন্তৰে মধ্যৱৰ্তীকালীন নিৰ্বাচন অনুষ্ঠিত হয়। এই মধ্যৱৰ্তীকালীন নিৰ্বাচনত আমেৰিকান কংগ্ৰেছৰ উচ্চ সদন চিনেটৰ ১০০খন আসনৰ ভিতৰত ৩৫খন আসনত আৰু নিম্ন সদন হাউচ অব্ ৰিপ্ৰেজেণ্টিটিভছৰ আটাইকেইখন ৪৩৫খন সাধাৰণ আসনতে ভোটগ্ৰহণ সম্পন্ন হৈছে।
ইয়াৰ সৈতে যুক্তৰাষ্ট্ৰৰ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিবছৰ ‘ভোটদানৰ ক্ষমতাহীন’ ৬খন আসনৰ ভিতৰত ৫খন আসন আৰু ৩৬খন প্ৰদেশ (ষ্টেট) তথা ৩টা টেৰিটৰীৰ গভৰ্ণৰ পদৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ৭:৩০ বজাত প্ৰাৰম্ভিক ধাৰা বা প্ৰৱণতাৰ তথ্য দি চিএনএনে (CNN) জনাইছে যে হাউচ অৱ ৰিপ্ৰেজেণ্টেটিবছৰ ৫২খন আসন ডেম’ক্ৰেটসকলৰ দখললৈ গৈছে। বিপৰীতে ৰিপাব্লিকানসকলৰ দখলত আছে মাত্ৰ ২৩খন আসন। চিনেটতো ডেম’ক্ৰেটসকল আগবাঢ়ি আছে।
তথ্য অনুসৰি, বৰ্তমান হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছত ৰিপাব্লিকানসকলৰ হাতত ২১৮ খন আৰু ডেম’ক্ৰেটসকলৰ হাতত ২১৪ খন আসন আছে। আনহাতে, চিনেটত ডেম’ক্ৰেট শিবিৰৰ ৪৭ খন আৰু ৰিপাব্লিকানসকলৰ ৫৩ খন আসন আছে। অৰ্থাৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ হ’লে দুয়োটা সদনতে ডেম’ক্ৰেট শিবিৰে চাৰিখনকৈ আসন বৃদ্ধি কৰিব লাগিব। বুথ ফেৰত সমীক্ষা বা ফলাফলৰ প্ৰাৰম্ভিক ধাৰা অনুসৰি, সংখ্যাগৰিষ্ঠতাৰ লক্ষ্যৰে ডেম’ক্ৰেটসকল আগবাঢ়ি আছে।
মধ্যৱৰ্তী নিৰ্বাচনত যদি বিৰোধী ডেম’ক্ৰেট শিবিৰে কংগ্ৰেছত সংখ্যাগৰিষ্ঠতা লাভ কৰে, তেন্তে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ চৰকাৰে তেওঁলোকৰ সমৰ্থন অবিহনে সেই সদনত কোনো আইন পাছ কৰিব নোৱাৰিব। অহা দুবছৰ ট্ৰাম্পে চৰকাৰখন চাপৰ মাজত চলাব লাগিব।
ট্ৰাম্পৰ বাবে আটাইতকৈ বেয়া খবৰটো হ’ব যে, ডেম’ক্ৰেটসকলে প্ৰয়োজন হ’লে তেওঁৰ প্ৰশাসনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিব পাৰিব। বিভিন্ন নথিপত্ৰ আৰু সাক্ষীসকলক চমন জাৰি কৰিব পাৰিব। আনকি, ট্ৰাম্পক তৃতীয়বাৰৰ বাবে বৰ্খাস্ত কৰাৰ সাংবিধানিক প্ৰক্ৰিয়াও আৰম্ভ কৰিব পাৰিব! অৱশ্যে এতিয়ালৈকে নিৰ্বাচনৰ ফলাফলক লৈ মূৰ ঘমাবলৈ মান্তি হোৱা নাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।