Friday, 20 November 2026
লগইন

বিধ্বংসী অগ্নিকাণ্ডত জাহ গ’ল দুটাকৈ বাসগৃহ। লক্ষাধিক টকাৰ সম্পত্তি ক্ষতিসাধন

বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক : ফকিৰগঞ্জৰ শালকাটাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় আমিনা বেগম নামৰ মহিলাগৰাকীৰ দুটাকৈ বাসগৃহ। লগতে জুইত জাহ গ’ল ঘৰৰ ভিতৰত থকা বিভিন্ন সা-সামগ্ৰী।

ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত শালকাটাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে, হঠাৎ আমিনা বেগম নামৰ মহিলাগৰাকীৰ ঘৰত দাওদাওকৈ জুই জ্বলি উঠে। মুহূৰ্তৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে বাসগৃহ দুটা।

অগ্নিকাণ্ডৰ খবৰ বিয়পি পৰাৰ লগে লগে স্থানীয় ৰাইজ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায়। অৱশেষত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও তেতিয়ালৈকে মহিলাগৰাকীৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ইফালে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫ লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। অৱশ্যে বৰ্তমানলৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, হঠাৎ সংঘটিত এই অগ্নিকাণ্ডৰ ফলত সৰ্বস্বান্ত হৈ পৰিছে পৰিয়ালটো।
##bigupdate #newsupdate #massivefire #assam #dhubri #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।