Friday, 20 November 2026
লগইন
ব্ৰেকিং

অহা ২৮ নৱেম্বৰৰ পৰা ৰাজ্যৰ ১১ খন জিলাত ড্ৰাই ডে’ ঘোষণা

ড্ৰাই ডে' ঘোষণা

নিউজ ডেস্ক : মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ (SKAC) ২০২৬ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ আবকাৰী বিভাগে ৰাজ্যখনৰ ১১ খন জিলাত ড্ৰাই ডে’ (Dry Day) ঘোষণা কৰে । এক প্ৰতিবেদন অনুসৰি, নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে।

আবকাৰী বিভাগে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, ভোটগ্ৰহণৰ ৪৮ ঘণ্টা পূৰ্বে অৰ্থাৎ ২০২৬ চনৰ ২৮ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰত ভোটগ্ৰহণ সমাপ্ত নোহোৱালৈকে সুৰা আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিক্ৰী, বিতৰণ আৰু সেৱন নিষিদ্ধ থাকিব। ভোটগ্ৰহণৰ দিন, ৩০ নৱেম্বৰো ড্ৰাই ডে’ হিচাপে পালন কৰা হ’ব। যদি পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় তেন্তে ১ ডিচেম্বৰত আৰু ভোটগণনাৰ বাবে নিৰ্ধাৰিত দিন ৩ ডিচেম্বৰতো এই নিষেধাজ্ঞা প্ৰযোজ্য হৈ থাকিব। ভোটগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে এই নিষেধাজ্ঞা অব্যাহত থাকিব।

এই নিৰ্দেশনাটোৱে ১১ খন জিলা সামৰি লৈছে: বিশ্বনাথ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া।

উল্লেখ্য় যে, নিষেধাজ্ঞা থকা সময়ছোৱাত সকলো পাইকাৰী সুৰাৰ গুদাম আৰু খুচুৰা ভাৰতত নিৰ্মিত বিদেশী সুৰাৰ (IMFL) বিপণীসমূহ বন্ধ থাকিব। এই বন্ধৰ নিৰ্দেশনা 'অন' (ON) আৰু 'অফ' (OFF) সুৰাৰ বিপণী, হোটেল আৰু ক্লাবৰ সৈতে সংলগ্ন বিপণীসমূহৰ লগতে দেশীয় সুৰাৰ বিপণীসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। 

এই আদেশটোৱে নিৰ্দিষ্ট সময়ছোৱাত সুৰা আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যৰ সংৰক্ষণ, বিক্ৰী, বিতৰণ আৰু যোগানৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞাসমূহ হোটেল, ৰেষ্টুৰেণ্টৰ লগতে ৰাজহুৱা আৰু ব্যক্তিগত চৌহদতো প্ৰযোজ্য হ’ব। সুৰাৰ ব্যক্তিগত অধিকাৰ আৰু মজুতকৰণৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হ’ব, আৰু অবৈধভাৱে মজুত ৰখাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আবকাৰী বিভাগে সতৰ্ক কৰি দিয়ে যে, নিয়ম উলংঘা কৰিলে অসম আবকাৰী আইন আৰু বিধি (Assam Excise Act and Rules), জনপ্ৰতিনিধিত্ব আইন, ১৯৫১-ৰ ১৩৫গ ধাৰা (Section 135C of the Representation of the People Act, 1951), আৰু অসম আবকাৰী বিধি, ২০১৬-ৰ ৩২৬(ক) বিধিৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰেছ বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।
##dryday #declare #misingautonomouscouncil #elections #Assamgovt

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।