Monday, 09 November 2026
লগইন
ব্ৰেকিং

ফটকাৰ শব্দত আতংকিত পোহনীয়া জন্তু, কেনেদৰ শান্ত কৰি ৰাখিব সিহঁতক?

ফটকাৰ শব্দত আতংকিত জন্তু

নিউজ ডেস্ক : নিয়ম-কানুন যিমানেই নাথাকক কিয়, সেইবোৰক বুঢ়া আঙুলি দেখুৱাই প্ৰতি বছৰে কালীপূজাৰ সময়ত ফটকা-আতচবাজী ফুটোৱা হয়। সেই বিকট শব্দই কেৱল শিশু বা বৃদ্ধ লোকসকলকেই নহয়, কুকুৰ, মেকুৰীৰ দৰে জীৱ-জন্তুকো সমস্যাত পেলায়। প্ৰচণ্ড শব্দত ভয়তে কোঁচ খাই পৰে পোহনীয়া জন্তুবোৰ। অস্থিৰ হৈ চিঞৰ-বাখৰ কৰিবলৈ ধৰে। অত্যধিক ভয় খালে কুকুৰ অসুস্থও হৈ পৰিব পাৰে। আনকি পেনিক এটেকো হ’ব পাৰে। এনে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ কি কি কৰিব লাগে?

১। কেৱল ফটকাৰ শব্দই নহয়, ইয়াৰ পৰা নিৰ্গত হোৱা বিষাক্ত ধোঁৱাও পোহনীয়া জন্তুৰ বাবে ক্ষতিকাৰক। সেয়েহে শব্দ আৰু বিষাক্ত ধোঁৱাৰ পৰা সুৰক্ষিত ৰাখিবলৈ সন্ধিয়া হোৱাৰ আগতেই ঘৰৰ দুৱাৰ-খিৰিকী বন্ধ কৰি দিয়ক। খিৰিকীৰ তলৰ সৰু সৰু ফাঁকবোৰ কাপোৰ বা কাগজেৰে বন্ধ কৰি দিয়ক। ইয়াৰ ফলত বাহিৰৰ শব্দ কিছু পৰিমাণে হ’লেও কমকৈ ঘৰৰ ভিতৰলৈ আহিব।

২। পোহনীয়া জন্তুবোৰে সাধাৰণতে ভয় খালে ছোফা বা বিচনাৰ তলত সোমাই লুকাই থাকে। সেয়েহে তেনে কোনো নিৰাপদ ঠাইত সিহঁতৰ বাবে বিচনা পাৰি দিয়ক। লগতে পছন্দৰ খেলনাবোৰো কাষতে ৰাখক। সিহঁতক কোঠাটোৰ ভিতৰত ৰাখি দুৱাৰখন বন্ধ কৰি দিয়ক। এনে কৰিলে বাহিৰৰ শব্দ কাণত তুলনামূলকভাৱে কমকৈ পৰিব। খেলনা আৰু নিজৰ বিচনাখন কাষত পালে সিহঁতৰ মনোযোগ কিছু পৰিমাণে আনফালে আঁতৰাই ৰাখিব পৰা যাব।

৩। অকলশৰীয়া কৰি নাৰাখিব। যদি প্ৰচণ্ড শব্দৰে ফটকা ফুটাবলৈ আৰম্ভ কৰে, তেন্তে পোহনীয়া জন্তুটোক অকলে এৰি ৰখাটো উচিত নহয়। সিহঁতৰ পছন্দৰ নিৰাপদ ঠাইত ৰাখি ঘৰৰ কোনো এজন সদস্যক কাষত থাকিবলৈ কওক। চিনাকি মানুহৰ মৰমৰ স্পৰ্শ আৰু সংগ পালে সিহঁতে নিজকে কিছু পৰিমাণে সুৰক্ষিত অনুভৱ কৰিব।

৪। কালীপূজাৰ সময়ত ঘৰত আলোকসজ্জা কৰা হয় আৰু বন্তি জ্বলোৱা হয়। কিন্তু পোহনীয়া জন্তুটোক যিটো কোঠাত ৰাখিব, তাত বন্তি নজ্বলোৱাই ভাল। ভয়তে দৌৰা-দৌৰি কৰোঁতে জুইৰ ওচৰলৈ গুচি গ’লে বিপদ ঘটিব পাৰে। সেয়েহে আলোকসজ্জাৰ সামগ্ৰী আৰু বৈদ্যুতিক তাঁৰ পোহনীয়া জন্তুৰ নাগালৰ বাহিৰত ৰাখক।

৫। পোহনীয়া জন্তুটোৰ ওচৰতে পৰিষ্কাৰ পাত্ৰত খোৱাপানী ৰাখি দিয়ক। ভয়তে সিহঁতে যদি ঘৰৰ কোনো চুকত সোমাই লুকাই থাকে, তেন্তে তাত বহিয়েই যাতে পানী খাব পাৰে, সেইটো নিশ্চিত কৰক। পোহনীয়া জন্তুটো যদি অত্যধিক অস্থিৰ হৈ পৰে, আঁচোৰ মাৰে বা বাৰে বাৰে চিঞৰিবলৈ ধৰে, তেন্তে পশু চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী। এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চিকিৎসকে প্ৰয়োজনীয় জৰুৰী ঔষধৰ পৰামৰ্শ দিব পাৰে।
##Firecracker #NoiseLeaves #PetsTerrified

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।