ভাৰতীয় প্ৰধান প্ৰশিক্ষক গৌতম গম্ভীৰে জনায় যে, তেওঁৰ বাবে ভাৰতৰ জাৰ্চি পিন্ধাতকৈ বেছি গৌৰৱৰ কথা আন একো হ'ব নোৱাৰে। তেওঁ ভালদৰেই জানে যে ভাৰতৰ প্ৰশিক্ষক হিচাপে সদায় সকলোৰে চকু তেওঁৰ ওপৰত থাকে। অলপ ইফাল-সিফাল হ'লেই সমালোচনাৰ সন্মুখীন হ'ব লাগিব। কিন্তু তাৰ পিছতো তেওঁ এই দায়িত্ব পালন কৰি যাবলৈ সম্পূৰ্ণ সাজু। ইয়াৰ একমাত্ৰ কাৰণ হ’ল দেশৰ হৈ প্ৰতিনিধিত্ব কৰা। আৰু সেই কাম কৰিবলৈ তেওঁ সকলো ধৰণৰ মানসিক চাপ চম্ভালিবলৈ প্ৰস্তুত বুলিও জানিবলৈ দিয়ে।
ভাৰতীয় দলৰ প্ৰশিক্ষকগৰাকীয়ে তেওঁৰ দলৰ খেলুৱৈসকলে কঠিন সময়সূচী আৰু পৰিস্থিতি চম্ভালি যিধৰণে খেলিছে তাৰ প্ৰশংসা কৰে। ৱেষ্ট ইণ্ডিজ শৃংখলা শেষ হোৱাৰ লগে লগেই ভাৰতীয় দলটোৱে নিউজিলেণ্ডলৈ যাবলগীয়া হৈছিল। তাত শ্ৰেয়াছ আয়াৰহঁতে বেছি অনুশীলন কৰাৰ সময়ো পোৱা নাছিল। তাৰ পিছতো প্ৰথম তিনিখন মেচ জিকি ভাৰতে শৃংখলাটো দখল কৰে। গম্ভীৰৰ মুখত সেই কথাই শুনা গৈছে। তেওঁ কয়, “আমাৰ খেলুৱৈসকলে যিধৰণে পৰিস্থিতি আৰু চাপ চম্ভালিছে, ১৫ ঘণ্টাৰ বিমান যাত্ৰাৰ পিছত মাত্ৰ এদিন অনুশীলন কৰিয়েই যিধৰণে ইখনৰ পিছত সিখনকৈ তিনিখন মেচ জিকিছে, তাৰ প্ৰশংসা কৰিবই লাগিব।”
টি-২০ শৃংখলা সমাপ্ত হ’ল। ইয়াৰ পিছতে ৱেষ্ট ইণ্ডিজ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে টি-২০ শৃংখলা থকাৰ বাবে পৰিকল্পনা কৰাৰ বিশেষ সুযোগ পোৱা নাছিল বুলি গম্ভীৰে জনায়। অৱশ্যে টেষ্ট আৰু এদিনীয়া শৃংখলাৰ পৰিকল্পনা তেওঁ ভালদৰে কৰিব বিচাৰে। শৃংখলাৰ মাজতেই দলটোক নতুন প্ৰত্যাহ্বান জনাইছে প্ৰশিক্ষকগৰাকীয়ে। গম্ভীৰে কয়, “নিউজিলেণ্ডৰ মাটিত ৫০ অভাৰ আৰু টেষ্টৰ প্ৰত্যাহ্বান আটাইতকৈ কঠিন। গতিকে আমি ভালদৰে পৰিকল্পনা কৰিব লাগিব। টেষ্ট আৰু এদিনীয়া শৃংখলা কেনেকৈ জিকিব পৰা যায়, সেয়াই আমাৰ প্ৰধান লক্ষ্য। আমি জিকিবই লাগিব।”
তথ্য অনুসৰি, গৌতম গম্ভীৰে অনুভৱ কৰে যে, টেষ্ট আৰু এদিনীয়া শৃংখলাত বলাৰসকলৰ ওপৰত অধিক চাপ থাকিব। গতিকে শৃংখলাত জয়লাভ কৰিলে তেওঁ ইয়াৰ সম্পূৰ্ণ কৃতিত্ব বলাৰসকলকহে দিব বিচাৰে। ভাৰতৰ প্ৰধান প্ৰশিক্ষকগৰাকীয়ে কয়, “এদিনীয়া শৃংখলাত নিউজিলেণ্ডৰ মাটিত ইয়াৰ পূৰ্বে ইমান অনভিজ্ঞ বোলিং আক্ৰমণ লৈ আমি কেতিয়াও খেলা নাই। টেষ্টতো অভিজ্ঞতা কম থাকিব। গতিকে বলাৰসকলৰ দায়িত্ব বহুত বেছি। তেওঁলোকৰ ওপৰত চাপো বেছি থাকিব। বেটাৰসকলক লৈ কোনো সমস্যা নাই। সেয়েহে আমি যদি টেষ্ট আৰু এদিনীয়া ক্ৰিকেটত ভাল প্ৰদৰ্শন কৰোঁ, তেন্তে তাৰ সিংহভাগ কৃতিত্ব বলাৰসকলক দিয়া উচিত।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।