নিউজ ডেস্ক : ইউক্ৰেইনৰ সৈতে ব্লাডিমিৰ পুটিনক আলোচনাৰ মাজলৈ আনিবলৈ চলাই থকা প্ৰচেষ্টাৰ বিপৰীতে ডিজেল সৰবৰাহক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত হোৱা চুক্তিখন এক 'অতি বিপদাশংকা কঢ়িয়াই অনা সিদ্ধান্ত' বুলি বুধবাৰে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে মন্তব্য কৰে।
বিগত সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া এক চুক্তিত উপনীত হয় যে, মস্কোৱে প্ৰাৰম্ভিকভাৱে আমেৰিকা আৰু বিশ্বৰ বজাৰসমূহলৈ ৩০০,০০০ মেট্ৰিক টনতকৈও অধিক ডিজেল সৰবৰাহ কৰিব।
চলিত সপ্তাহৰ EU সন্মিলনৰ পূৰ্বে ইটালীৰ সংসদক উদ্দেশ্যি মেলোনীয়ে কয়, "এই সিদ্ধান্তৰ ফলাফল অনিশ্চিত, কিন্তু ইয়াৰ বিপদাশংকা স্পষ্ট।"
"ই মস্কোক বৈধতা প্ৰদান কৰে কিয়নো ইয়াৰ বোমা ইউক্ৰেনৰ চহৰবোৰত অবিৰতভাৱে পৰি আছে, যুদ্ধৰ বাবে পুঁজি যোগান ধৰিবলৈ নতুন ৰাজহ সৃষ্টি কৰে, আৰু পৰোক্ষভাৱে নিষেধাজ্ঞাৰ কাৰ্যকাৰিতাক দুৰ্বল কৰে।"
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ জেলেনস্কিয়ে এই চুক্তিক সমালোচনা কৰি ইয়াক "বন্ধ হ’বলগীয়া যুদ্ধ এখনত কৰা বিনিয়োগ" বুলি অভিহিত কৰে।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে, ই আমেৰিকাত শক্তিৰ মূল্য হ্ৰাস কৰিব, যিটো তেওঁৰ ৰিপাব্লিকান পাৰ্টিৰ বাবে এক ডাঙৰ ৰাজনৈতিক সমস্যা হৈ পৰিছিল। এই সমস্যাটো এনে এক গুৰুত্বপূৰ্ণ মধ্যৱৰ্তীকালীন নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেখা দিছিল, যিয়ে কংগ্ৰেছৰ নিয়ন্ত্ৰণ কাৰ হাতত থাকিব সেয়া নিৰ্ধাৰণ কৰিব।
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনীয়ে সংসদত উল্লেখ কৰে যে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সন্দৰ্ভত ইউৰোপৰ হৈ আলোচনা কৰিবলৈ ২৭ খন ইউৰোপীয় ইউনিয়ন (EU) ৰাষ্ট্ৰই এজন প্ৰভাৱশালী বা কৰ্তৃত্বশীল ব্যক্তি নিযুক্তি দিয়া উচিত। তেওঁ ইয়াৰ বাবে জাৰ্মানী, ফ্ৰান্স আৰু গ্ৰেট ব্ৰিটেইনক লৈ গঠিত ‘E3 গ্ৰুপ’ক আনুষ্ঠানিকভাৱে দায়িত্ব বা কৰ্তৃত্ব অৰ্পণ কৰাৰ সম্ভাৱনাকো নাকচ কৰা নাই।
"যদি ফ্ৰান্স, জাৰ্মানী আৰু গ্ৰেট ব্ৰিটেইনে বিশ্বাস কৰে যে আমি সকলোৱে মিলি কৰিব পৰাতকৈ তেওঁলোকে অকলে অধিক ভাল কৰিব পাৰিব, আৰু এতিয়ালৈকে তেওঁলোকে এইটোৱেই বাছনি কৰিছে, তেন্তে অন্ততঃ তেওঁলোকক সকলোৰে হৈ আৰু এটা অফিচিয়েল মেণ্ডেট লৈ তেনে কৰিবলৈ দিয়া হওক" বুলিও মেলোনীয়ে উল্লেখ কৰে।
তেওঁ উল্লেখ কৰে যে, ইউৰোপীয় ইউনিয়ন (EU)-ৰ সন্মিলনখনত ৰাছিয়াৰ বৰ্ধিত হাইব্ৰিড আক্ৰমণসমূহৰ বিষয়ে আলোচনা কৰা হ’ব। তেওঁ ড্ৰোণ অনুপ্ৰৱেশ, চাইবাৰ আক্ৰমণ, কূটাঘাত আৰু অন্যান্য গোপন অভিযানসমূহৰ কথা উল্লেখ কৰে, যাৰ উদ্দেশ্য হৈছে ইউক্ৰেইনৰ প্ৰতি থকা সমৰ্থন হ্ৰাস কৰা।
তাৰোপৰি মেলোনীয়ে কয়,"আমাৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিসমূহ সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে: শক্তি খণ্ডৰ গ্ৰীড , সাগৰৰ তলৰ কেবল', বন্দৰ, বিমান বন্দৰ আৰু পানীৰ তলৰ ক্ষেত্ৰখন , য’ত ইটালীৰ অসাধাৰণ পাৰদৰ্শিতা আছে।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।