নিউজ ডেস্ক : গুৱাহাটীত উপস্থিত বিশ্বজুৰি অগণন অনুৰাগী থকা বিশ্বখ্যাত আমেৰিকান ৰক বেণ্ড Guns N’ Roses। ১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া সংগীতানুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ উদ্দেশ্যে বেণ্ডটোৰ সদস্যসকলে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয়।
বেণ্ডটোৰ আগমনৰ লগে লগে মহানগৰীৰ সংগীতপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই সংগীতানুষ্ঠানক লৈ অসমৰ অনুৰাগীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে।
উল্লেখযোগ্য যে এয়া হ’ব উত্তৰ-পূব ভাৰতত বেণ্ডটোৰ প্ৰথমটো লাইভ পৰিৱেশন। অনুষ্ঠানটোৰ প্ৰচাৰক ‘বুকমাইশ্ব’ৰ জৰিয়তে টিকট বিক্ৰী অব্যাহত আছে। ভাৰত ভ্ৰমণৰ অংশ হিচাপে বেণ্ডটোৱে যোৱা ১৪ নৱেম্বৰত বেংগালুৰুৰ ‘নাইচ গ্ৰাউণ্ডছ’ত অনুষ্ঠান পৰিৱেশন কৰাৰ পাছত এতিয়া দ্বিতীয়টো পৰ্যায়ৰ অনুষ্ঠানৰ বাবে গুৱাহাটীত উপস্থিত হৈছে।
বেণ্ডটোৱে ভাৰতত ২০২৬ চনৰ এছিয়া টুৰৰ অংশ হিচাপে বেংগালুৰুৰ পিছত গুৱাহাটীত পৰিৱেশন কৰিব।জানিব পৰা মতে, প্ৰায় ৭০গৰাকী বেণ্ড সদস্য আৰু দলৰ সৈতে জড়িত লোক গুৱাহাটীত উপস্থিত হৈছে। বিমানবন্দৰৰ পৰা তেওঁলোক খানাপাৰাস্থিত ভিভাণ্টালৈ ৰাওনা হৈছে। ইফালে কনচাৰ্টক লৈ ইতিমধ্যে খানাপাৰাত ব্যাপক প্ৰস্তুতি চলিছে।
কনচাৰ্টক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰ আৰক্ষীয়ে ইতিমধ্যে যান-বাহনৰ বাবে বিশেষ ব্যৱস্থাও ঘোষণা কৰিছে। ১৭ নৱেম্বৰৰ বিয়লি ২ বজাৰ পৰা কেইবাটাও পথত যান-বাহন নিয়ন্ত্ৰণ কৰা হ’ব আৰু বিয়লি ৩ বজাৰ পৰা নিৰ্দিষ্ট পথত মালবাহী তথা লেহেমীয়া বাহনৰ চলাচল বন্ধ থাকিব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।