Monday, 09 November 2026
লগইন

ইজিপ্তত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, সাত জন লোকৰ মৃত্যু

ভয়ংকৰ ৰে'ল দুৰ্ঘটনা

নিউজ ডেস্ক: ইজিপ্তৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশখনৰ গিজা প্ৰদেশৰ কাইৰোৰ উপকণ্ঠ অঞ্চলত সংঘটিত এক ৰে’ল দুৰ্ঘটনাত অতি কমেও সাতজন লোকৰ মৃত্যু হৈছে আৰু ১২৫ জনতকৈও অধিক লোক আহত হৈছে।

কৰ্তৃপক্ষই জনোৱা মতে, দেওবাৰে গিজা আৰু ফায়ুমৰ মাজত চলাচল কৰা এখন ৰে’লে কাইৰোৰ পৰা আছুৱান অভিমুখে যোৱা আন এখন ৰে’লৰ পিছফালে খুন্দা মাৰে। ইয়াৰ ফলত পিছৰ ৰে’লখন আল-আয়্যাত জিলাৰ এখন গ্ৰাম্য পথত লাইনচ্যুত হৈ পৰে।

ইজিপ্টচিয়ান নেচনেল ৰে’লৱেই জনাইছে যে দুৰ্ঘটনাস্থলীৰ পৰা ধ্বংসাৱশেষ আঁতৰাবলৈ আৰু ৰে’ল সেৱা যথাসম্ভৱ সোনকালে স্বাভাৱিক কৰিবলৈ জৰুৰীকালীন উদ্ধাৰকাৰী দল আৰু ক্ৰেন প্ৰেৰণ কৰা হৈছে।
কৰ্তৃপক্ষৰ মতে, দুৰ্ঘটনাস্থলীত পৰিবহণ আৰু উদ্ধাৰ অভিযানত ৭০ খনতকৈও অধিক এম্বুলেন্স নিয়োজিত কৰা হৈছিল আৰু হতাহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

ৰাষ্ট্ৰপতি আব্দেল ফাটাহ এল-চিচিয়ে কয় যে তেওঁ এই দুৰ্ঘটনাৰ ওপৰত "গভীৰ উদ্বেগ"ৰে চকু ৰাখিছে আৰু "যিকোনো লোকৰ গাফিলতি ধৰা পৰিলে তেওঁক জবাবদিহি কৰিবলৈ" জৰুৰীকালীন তদন্তৰ নিৰ্দেশ দিছে।
প্ৰত্যক্ষদৰ্শীসকলে সংঘৰ্ষৰ পিছত এক বিশৃংখল উদ্ধাৰ অভিযানৰ বৰ্ণনা দিয়ে, য’ত গাঁৱৰ লোক, প্ৰথম সঁহাৰিদাতা (ফাৰ্ষ্ট ৰিপণ্ডাৰ) আৰু ৰে’লৱে কৰ্মীসকলে ওলট খাই পৰা ডবাৰ ভিতৰত আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ ওচৰ পাবলৈ আপ্রাণ চেষ্টা চলাইছিল।

সংঘৰ্ষৰ সময়ত ওচৰৰ এখন কেফেলৈ যোৱা ৩১ বছৰীয়া আব্দেল ৱাহেদ মহম্মদে কয় যে আছুৱান অভিমুখী ৰে’লখন ৰৈ আছিল, ঠিক তেনেতে ফায়ুম অভিমুখী ৰে’লখনে ইয়াত খুন্দা মাৰে।
##bigupdate #newsupdate #horrifictraincrash #egypt #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।