Saturday, 07 November 2026
লগইন
ব্ৰেকিং

নিজৰ গাঁঠিৰ ধন খৰচ কৰি জাৰ্মানীৰ হাইলো অ’পেনত চেম্পিয়ন হ'ল দুগৰাকী ভাৰতীয় খেলুৱৈ

জাৰ্মানীত জ্বিলিকিল দুগৰাকী ভাৰতীয় খেলুৱৈ

নিউজ ডেস্ক : ভাৰতীয় বেডমিণ্টনত এক নতুন বিতৰ্কৰ সূচনা হৈছে। দেওবাৰে পিভি সিন্ধু আৰু লক্ষ্য সেনে হাইলো অ’পেন খিতাপ জয় কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে এনে এক সময়ত চেম্পিয়ন হৈছে, যেতিয়া তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি খেলিবলগীয়া হৈছে। জানিব পৰা মতে, স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়া (SAI)-এ ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলক আৰ্থিক সাহায্য প্ৰদান কৰা বন্ধ কৰিছে।

তথ্য অনুসৰি, ইউৰোপৰ চাৰিখন দেশ ক্ৰমে ফিনলেণ্ড, ডেনমাৰ্ক, ফ্ৰান্স আৰু জাৰ্মানীত বেডমিণ্টন প্ৰতিযোগিতা খেলাৰ বাবে ভাৰতীয় খেলুৱৈসকলক আৰ্থিক অনুদান দিয়া বন্ধ কৰি দিয়ে ছায়ে (SAI)। ফিনলেণ্ড অ’পেন আৰম্ভ হ’বলৈ মাত্ৰ ছয় দিন বাকী থকা অৱস্থাত হঠাতে এই সিদ্ধান্তৰ কথা জনোৱা হয়।

এই প্ৰসংগত এটা সংবাদ প্ৰতিষ্ঠানৰ আগত সিন্ধুৱে কয়, “প্ৰথমে শুনি আচৰিত হৈ পৰিছিলোঁ। এই ধৰণৰ ঘটনা মই আগতে কেতিয়াও দেখা নাই।” সিন্ধুৱে জনায় যে, তেওঁ বাধ্য হৈ নিজৰ খৰচত খেলিবলগীয়া হৈছে। তেওঁ কয়, “সেই সময়ত মই এই সিদ্ধান্ত লোৱাৰ অৱস্থাত নাছিলোঁ যে আৰ্থিক সহায় নোলালে নেখেলোঁ। কাৰণ, মোৰ প্ৰধান লক্ষ্য আছিল এই প্ৰতিযোগিতাবোৰত ভাগ লোৱা। নাজানো, আমাক কিয় পইচা দিয়া হোৱা নাই। বাধ্য হৈ মই নিজেই টকাৰ যোগাৰ কৰিবলগীয়া হৈছে।”

ভাৰতীয় বেডমিণ্টন সংস্থাৰ সৈতে জড়িত বিষয়াসকলে জনায় যে, এচিয়ান গেমছত ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলৰ বেয়া প্ৰদৰ্শনেই ইয়াৰ বাবে দায়ী। বিগত এচিয়ান গেমছত বেডমিণ্টনত ব্যক্তিগত কোনো এটা পদকো জিকিব পৰা নাছিল ভাৰতে। বেডমিণ্টন সংস্থাৰ এটা সূত্ৰই কয়, “প্ৰথমবাৰৰ বাবে এনেধৰণৰ ঘটনা ঘটিল। কিয় ঘটিল, তাৰ কোনো নিৰ্দিষ্ট ব্যাখ্যা দিয়া হোৱা নাই। কিন্তু যেনেকুৱা লাগিছে, এচিয়ান গেমছত ভাৰতৰ প্ৰদৰ্শনেই ইয়াৰ বাবে দায়ী। কাৰণ, ফেডাৰেচনৰ ওচৰত পইচা নথকাৰ দৰে কোনো ঘটনা ঘটা নাই।”

শেহতীয়াকৈ ভাৰতীয় বেডমিণ্টন সন্থাৰ সম্পাদক সঞ্জয় মিশ্ৰই এই পৰ্যন্ত ৰাজহুৱাকৈ একো কোৱা নাই। জানিব পৰা মতে, হোৱাটছএপৰ জৰিয়তে খেলুৱৈসকলক জনোৱা হৈছিল যে ধন দিয়া নহয়। ধন নিদিয়াৰ অৰ্থ হ’ল, একাংশ ভাৰতীয় খেলুৱৈয়ে প্ৰশিক্ষক (কোচ) নোহোৱাকৈয়ে খেলিবলগীয়া হৈছে।

এই সিদ্ধান্তৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়। আৰম্ভণিতে ফিনলেণ্ড অপেনত ভাৰতৰ ২৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল যদিও ডেনমাৰ্ক অপেনৰ পৰা ৬ গৰাকী, ফ্ৰেন্স অপেনৰ পৰা ৭ গৰাকী আৰু হাইলো অপেনৰ পৰা ৯ গৰাকী খেলুৱৈয়ে নাম প্ৰত্যাহাৰ কৰিছে। থকা-খোৱা, অনুশীলন আৰু যাতায়াতৰ নামত যি খৰচ হৈছে, সেয়া সকলোৰে বাবে বহন কৰাটো কঠিন হৈ পৰে।

উল্লেখ্য যে, ভাৰতীয় বেডমিণ্টন খেলুৱৈসকলৰ সফলতাৰ সময়তে ধনসাহায্য বন্ধ কৰাৰ সিদ্ধান্তই এক ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰে। লক্ষ্য সেন, পি ভি সিন্ধু, সাত্ত্বিকসাইৰাজ ৰেংকীৰেড্ডী আৰু চিৰাগ শেট্টীৰ দৰে খেলুৱৈসকলে বিশ্ব মঞ্চত ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰি থকাৰ সময়ত বেডমিণ্টন এছ’চিয়েশ্যনে তেওঁলোকক অধিক সহায় কৰাৰ পৰিৱৰ্তে আৰ্থিক সাহায্য বন্ধ কৰাৰ বাতৰিয়ে ক্ৰীড়াপ্ৰেমীসকলক আশাহত কৰিছে।
##bigupdate #newsupdate #sportsnews #pvsindhu #lakshyasen #germany #hyloopen #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।