Friday, 06 November 2026
লগইন
ব্ৰেকিং

নিৰ্বাচনত নেতান্যাহুৰ সম্ভাৱনা উন্নত কৰাত সমৰ্থনে সহায় কৰিছে ট্ৰাম্পে

নেতান্যাহুৰ নিৰ্বাচনী প্ৰদৰ্শনৰ কৃতিত্ব ট্ৰাম্পৰ

নিউজ ডেস্ক : বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ নিৰ্বাচনী প্ৰদৰ্শনৰ কৃতিত্ব নিজৰ বুলি দাবী কৰে। দেশখনৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতাপূৰ্ণ নিৰ্বাচনত নেতান্যাহুৰ সম্ভাৱনা উন্নত কৰাত তেওঁৰ সমৰ্থনে সহায় কৰা বুলি মন্তব্য কৰে ট্ৰাম্পে । লগতে ট্ৰাম্পে ইজৰাইলত এখন ঐক্য চৰকাৰ গঠনৰ প্ৰচেষ্টাত জড়িত হোৱাৰ বিষয়টো বিবেচনা কৰিব বুলিও উল্লেখ কৰে ।

বুধবাৰে ‘এক্সিঅ’ছ’ৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে, নেতান্যাহুৰ অৱস্থা “যথেষ্ট ভাল”। আংশিক নিৰ্বাচনী ফলাফলত নেতান্যাহুৰ মিত্ৰজোঁট বিৰোধী পক্ষতকৈ আগবাঢ়ি থকা দেখা গৈছিল যদিও কোনো পক্ষই সংসদত সংখ্যাগৰিষ্ঠতা লাভ কৰা যেন পৰিলক্ষিত হোৱা নাছিল।

তথ্য অনুসৰি, ট্ৰাম্পে কয়, “মই শুনিছোঁ যে মোৰ সমৰ্থনে বিবিৰ বাবে যথেষ্ট ডাঙৰ পাৰ্থক্য আনিছে”। নেতানিয়াহুৰ নেতৃত্বত এখন ঐক্য চৰকাৰ গঠনৰ প্ৰচেষ্টাত তেওঁ সহায় কৰিব নেকি বুলি সোধাত ট্ৰাম্পে উত্তৰ দিয়ে, “মই বিষয়টো এবাৰ চাই ল’ম।” অৱশ্যে, আমেৰিকাৰ এগৰাকী বিষয়াই এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাক জনোৱা অনুসৰি, ইজৰাইলৰ মিত্ৰজোঁট গঠনৰ আলোচনাত হস্তক্ষেপ কৰিব নে নাই, সেই সন্দৰ্ভত হোৱাইট হাউছে এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।

ৱাশ্বিংটনে নিৰ্দিষ্ট কিছুমান মিত্ৰজোঁট গঠনৰ ব্যৱস্থাক সমৰ্থন কৰা বুলি প্ৰকাশিত প্ৰতিবেদনসমূহ “মিছা আৰু অকালপক্ব” বুলি বিষয়াগৰাকীয়ে মন্তব্য কৰে। লগতে তেওঁ কয় যে, নিৰ্বাচনৰ ফলাফল এতিয়াও আহি আছে । নেতানিয়াহুৰ মিত্ৰজোঁট আগবাঢ়ি আছে, কিন্তু সংখ্যাগৰিষ্ঠতা এতিয়াও অনিশ্চিত ।

প্ৰায় ৯৩ শতাংশ ভোট গণনা সম্পূৰ্ণ হোৱাৰ পিছত, ১২০ জনীয়া ইজৰাইলৰ সংসদ ‘নেছেট’ত নেতানিয়াহুৰ মিত্ৰজোঁটে ৫৩খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। আনহাতে, গাডি আইজেনকটৰ নেতৃত্বত থকা বিৰোধী মিত্ৰজোঁটে ৪৮খন আসন লাভ কৰিব বুলি আশা কৰা হৈছে। কিন্তু কোনো এটা মিত্ৰজোঁটেই সংখ্যাগৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজনীয় ৬১খন আসনৰ লক্ষ্যত উপনীত হ’ব পৰা নাই।

আৰব দলসমূহে ১৯খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে। ইয়াৰ ফলত ইজৰাইলৰ পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত তেওঁলোকে নিৰ্ণায়ক ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে নেতান্যাহুক সমৰ্থন জনাইছিল। তেওঁ ইজৰাইলৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীগৰাকীৰ পক্ষত ভোট দিবলৈ আহ্বান জনোৱাৰ লগতে কৈছিল যে দুয়োখন দেশে “আমি আৰম্ভ কৰা কাম সম্পূৰ্ণ কৰিব লাগিব”।

ট্ৰাম্পৰ দাবী, তেওঁৰ সমৰ্থনে নিৰ্বাচনৰ ছবিখন সলনি কৰিলে ট্ৰাম্পে ‘ট্ৰুথ ছ’চিয়েল’ত কৰা এটা পোষ্টতো তেওঁৰ সমৰ্থনৰ প্ৰশংসা কৰে। তেওঁৰ দাবী অনুসৰি, নেতানিয়াহুৰ পৰাজয় হোৱাৰ সম্ভাৱনা থকা অৱস্থাৰ পৰা নিৰ্বাচনৰ ফলাফল এতিয়া তেওঁৰ সম্ভাৱ্য জয় অথবা অমীমাংসিত অৱস্থাৰ দিশে সলনি হৈছে।

“ৰাষ্ট্ৰপতি ট্ৰাম্পে নেতান্যাহুক সমৰ্থন জনোৱাৰ পিছতেই নিৰ্বাচনৰ সমগ্ৰ পৰিস্থিতি সলনি হৈ পৰিল,” বুলি তেওঁ লিখে। লগতে তেওঁ কয় যে, এতিয়া নিৰ্বাচনৰ ফলাফল “পিছ পৰি থকাৰ পিছতো বৃহৎ প্ৰত্যাৱৰ্তনৰ ফলত সৃষ্টি হোৱা অমীমাংসিত অৱস্থা, অথবা নেতানিয়াহুৰ জয়” হ’ব পাৰে।

উল্লেখ্য যে, নেতান্যাহুৱে ট্ৰাম্পৰ সৈতে থকা তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা বাৰে বাৰে উল্লেখ কৰি আহিছে। তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক নিৰাপত্তাজনিত ভাবুকিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এজন গুৰুত্বপূৰ্ণ অংশীদাৰ বুলি অভিহিত কৰিছে, বিশেষকৈ ইৰাণৰ পৰা সৃষ্টি হোৱা ভাবুকিৰ ক্ষেত্ৰত।
##israel #Netanyahu #israelelection2026 #Netanyahu

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।