Saturday, 07 November 2026
লগইন
ব্ৰেকিং

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, বৰ্তমানলৈকে ৯জনৰ মৃত্যু

ভয়ংকৰ বিমান দুৰ্ঘটনা

নিউজ ডেস্ক : বিশ্বত পুনৰ বিমান দুৰ্ঘটনা । এইবাৰ ব্যৱসায়িক বিমান দুৰ্ঘটনাৰ ফলত ৯জন লোকৰ মৃত্যু হৈছে । দেওবাৰে বিয়লি ফ্ল’ৰিডাৰ পাম বিচ কাউণ্টিৰ গ্ৰীনএক্ৰেছৰ এটা আৱাসিক অঞ্চলত এই দুৰ্ঘটনা হয় । Learjet 60 নামৰ ব্যৱসায়িক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত বিমানখনত থকা আটাইকেইজনৰ মৃত্যু হোৱা বুলি পৰিবহণ সচিব ছীন ডাফীয়ে নিশ্চিত কৰিছে ।

N722BD হিচাপে পঞ্জীভুক্ত আৰু LR60271 LLC ৰ দ্বাৰা পৰিচালিত বিমানখনে টেক্সাছৰ অষ্টিন-বাৰ্গষ্ট্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। বিমানখন বাহামাৰ নৰ্থ ইলিউথেৰা বিমানবন্দৰ অভিমুখে গৈ আছিল । স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১২.৫০ বজাত এটা মিলিটাৰী ট্ৰেইলৰ সমীপত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । ফ্লাইট ৰাডাৰ২৪ আৰু এডিএছ-বি এক্সচেঞ্জৰ ফ্লাইট-ট্ৰেকিং তথ্য অনুসৰি বিমানখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল । বিমানখন ৩৫,০০০ ফুট উচ্চতাৰ পৰা অতি দ্ৰুতগতিত তললৈ নামি আহে ।

দুৰ্ঘটনাটো ইমানে ভয়ংকৰ আছিল যে,দুৰ্ঘটনাস্থলীত পথটোত এটা ডাঙৰ গাঁতৰ সৃষ্টি হয় আৰু সমগ্ৰ অঞ্চলটোত ধ্বংসাৱশেষ সিঁচৰিত হৈ পৰে । ফেডাৰেল এভিয়েশ্যন এডমিনিষ্ট্ৰেশ্যন (FAA) আৰু নেচনেল ট্ৰান্সপৰ্টেশ্যন ছেফটি বোৰ্ডে (NTSB) বিমানখন কি কাৰণত দুৰ্ঘটনাগ্ৰস্ত হ’ল তাৰ তদন্ত চলাইছে। দুৰ্ঘটনাস্থলীটো পাম বিচ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মাত্ৰ কেইমাইলমান দূৰত অৱস্থিত।
##Jetcrash #ninepeoplekilled #বিমানদুৰ্ঘটনা #Florida #breakingnews

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।