Tuesday, 24 November 2026
লগইন

অকালতে চুলি পকাৰ লগতে উফিৰ সমস্যাও বাঢ়িছে নেকি? এতিয়া কি কৰিব?

মাত্ৰ এফুটা নহৰু; পৰিব সমস্যাৰ অন্ত

নিউজ ডেস্ক : ঘৰৰ চৌপাশে থকা প্ৰদূষণ, মানসিক চাপ আৰু অনিয়মিত জীৱনশৈলীৰ বাবে চুলি সৰা আৰু উফিৰ সমস্যা এতিয়া ঘৰে ঘৰে। বজাৰত উপলব্ধ দামী প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিও বহু সময়ত আশানুৰূপ ফল পোৱা নাযায়। তাৰ ওপৰত আছে অকালতে চুলি পকাৰ সমস্যা। কম বয়সতে পকিবলৈ ধৰিছে চুলি। এম’নিয়া মিহলি হেয়াৰ ডাই ব্যৱহাৰ কৰিবলৈ গৈ ওলোটাই সমস্যাহে বাঢ়িছে। বহুতৰে মূৰৰ ছালত ৰেছ, খজুৱতি আৰু উফিৰ সমস্যাও দেখা দিছে। এই সকলো সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰিবনে এফুটা নহৰুৱে?

নহৰুত প্ৰচুৰ পৰিমাণে ছালফাৰ, ছেলেনিয়াম, ভিটামিন চি, ভিটামিন বি৬ আৰু এলিচিন থাকে, যিবোৰ চুলিৰ স্বাস্থ্যৰ বাবে উপকাৰী। নহৰুত থকা এণ্টি-ফাংগেল আৰু এণ্টি-বেক্টেৰিয়েল উপাদানে মূৰৰ ছালত ভেঁকুৰৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে, যি উফিৰ অন্যতম প্ৰধান কাৰণ।

নহৰুৰ ৰসত কি কি মিহলাই ব্যৱহাৰ কৰিব?

পোনপটীয়াকৈ নহৰুৰ ৰস মূৰৰ ছালত লগালে জ্বলা-পোৰা বা ৰেছ হ’ব পাৰে। সেয়ে উফি দূৰ কৰিবলৈ নহৰুৰ ৰসৰ সৈতে কেইটামান উপাদান মিহলাই ব্যৱহাৰ কৰিব লাগিব।

নহৰু আৰু নেমুৰ ৰস

১ টেবিল চামুচ নহৰুৰ ৰসৰ সৈতে ১ চাহ চামুচ নেমুৰ ৰস আৰু ২ টেবিল চামুচ নাৰিকল তেল মিহলাই কপাহৰ সহায়ত মূৰৰ ছালত লগাওক। নেমুত থকা চাইট্ৰিক এচিড আৰু নহৰুৰ এণ্টি-ফাংগেল গুণে উফি দূৰ কৰাত সহায় কৰিব পাৰে।

নহৰুৰ ৰস আৰু টি-ট্ৰি অইল

২ টেবিল চামুচ নহৰুৰ ৰসৰ সৈতে ৩-৪ টোপাল টি-ট্ৰি অইল আৰু ১ টেবিল চামুচ অলিভ অইল মিহলাই মূৰৰ ছালত মালিচ কৰক। ১৫ মিনিট ৰাখি তাৰ পিছত ধুই পেলাওক। সপ্তাহত তিনিদিন ব্যৱহাৰ কৰিলে উপকাৰ পাব পাৰে।

সাৱধানতা: নহৰু আৰু টি-ট্ৰি অইলে ছালত জ্বলা-পোৰা বা এলাৰ্জি সৃষ্টি কৰিব পাৰে। ব্যৱহাৰৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

নহৰুৰ ৰস আৰু টেঙা দৈ

নহৰুৰ ৰসৰ সৈতে টেঙা দৈ মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লওক। মূৰৰ ছালত সানি ১৫-২০ মিনিট ৰাখি তাৰ পিছত ধুই পেলাওক। নিয়মিত ব্যৱহাৰ কৰিলে উফিৰ সমস্যা দূৰ হোৱাৰ লগতে মূৰৰ ছালৰ পি এইচৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰিব পাৰে। চুলি সৰাৰ সমস্যাও হ্ৰাস পাব পাৰে।

নহৰু-মৌ-এল’ভেৰা হেয়াৰ পেক

১ টেবিল চামুচ নহৰুৰ ৰসৰ সৈতে ১ টেবিল চামুচ খাঁটি মৌ মিহলাই লওক। এই মিশ্ৰণত এচামুচ এল’ভেৰা জেল মিহলাই মূৰৰ ছালত লগাওক। ৩০ মিনিট পিছত ধুই পেলাওক। এই হেয়াৰ পেক ব্যৱহাৰ কৰিলে উফিৰ সমস্যা দূৰ হোৱাৰ লগতে ৰুক্ষ চুলিও কোমল আৰু মসৃণ হ’ব পাৰে।
##bigupdate #newsupdate #hairfall #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।