Tuesday, 24 November 2026
লগইন

শীতকালত হাতৰ ছাল শুকাই যোৱা আৰু খহটা হৈ পৰিছে নেকি? কোমল আৰু মসৃণ হাতৰ বাবে কৰক এই কাম

শীতৰ লগে লগে হাতৰ ছাল ৰুক্ষ হৈ পৰিছে নেকি?

নিউজ ডেস্ক: মুখৰ ছাল মসৃণ কৰি ৰাখিবলৈ বহুতৰে যত্নৰ কোনো ত্ৰুটি নাথাকে। মুখত যাতে বয়সৰ চাপ নপৰে, তাৰ বাবে নিতৌ ৰূপচৰ্চা, নাইট ক্ৰীম, ডে ক্ৰীম, ফেচিয়েল— এই সকলোবোৰ কৰিয়েই থাকে। কিন্তু হাতৰ বাবে কেৱল মইশ্বাৰাইজাৰৰ ওপৰতেই ভৰসা কৰি থাকে। অথচ ঠাণ্ডা পৰাৰ সময়ৰ পৰাই হাতৰ ছাল সকলোতকৈ আগতে শুকাবলৈ আৰম্ভ কৰে। ছালত টান ধৰে। ফুটি উঠে বলৰেখাও। সেয়েহে মুখৰ সমান্তৰালকৈ হাতৰো যত্ন লোৱাটো অতি প্ৰয়োজনীয়।

দৈনন্দিন যত্নৰ উপায়

মধু আৰু অলিভ অইলৰ প্যাক 

মৌৰ প্ৰাকৃতিক মইশ্বাৰাইজিং ক্ষমতা আৰু এণ্টি-অক্সিডেণ্টে ছালখন কোমল কৰি ৰখাত সহায় কৰে। অলিভ অইলত থকা ভিটামিন ই-য়েও ছালৰ ক্ষতি মেৰামতি কৰি ইয়াক নতুনৰ দৰে কৰি তোলে। কেইটোপালমান মৌ আৰু সমপৰিমাণৰ অলিভ অইল একেলগে মিহলাই হাতত ভালদৰে মালিচ কৰি লওক। ১৫ ৰ পৰা ২০ মিনিট ৰাখি কুহুমীয়া গৰম পানীৰে ধুই পেলাওক। কেইদিনমানৰ ভিতৰতে ছাল কোমল আৰু মিহি হ'ব।

বিলাহী আৰু নেমুৰ ৰস

১টা পকা বিলাহীৰ পেষ্ট আৰু ১ চামুচ নেমুৰ ৰস লৈ লওক। বিলাহীৰ পেষ্টখিনিৰ লগত নেমুৰ ৰস মিহলাই হাতত মালিচ কৰক। ১০-১৫ মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই পেলাওক। তাৰ পিছত হাতত ভালদৰে নাৰিকল তেল সানি লওক। এই পেকটোৱে হাতৰ দাগবোৰো আঁতৰাব, লগতে ছালখনো কোমল আৰু মিহি কৰি ৰাখিব।

মচুৰ দাইল, কেঁচা হালধি আৰু গাখীৰৰ ফেচ পেক

২ চামচ মচুৰ দাইল বটা, ৩ চাহ চামচ গাখীৰ আৰু এচিকুট কেঁচা হালধি বটা মিহলাই ল’ব লাগে। সকলোবোৰ উপাদান একেলগে মিহলাই এটা ডাঠ মিশ্ৰণ তৈয়াৰ কৰি ল’ব লাগে। দুয়োখন হাতত লগাই ২০ মিনিট ৰাখক। শুকাই আহিলে ঘূৰণীয়াকৈ মালিচ কৰি পানীৰে ধুই পেলাওক।
##bigupdate #newsupdate #lifestyle #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।