Sunday, 08 November 2026
লগইন
ব্ৰেকিং

২০২৭ ৰ IPL ছিজনৰ বাবে নতুন মুখ্য প্ৰশিক্ষকক নিযুক্তি মুম্বাই ইণ্ডিয়ানছৰ

'ঘৰৰ ল’ৰা'ক IPL ৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব অৰ্পণ

নিউজ ডেস্ক : মুম্বাই ইণ্ডিয়ানছৰ মুখ্য প্ৰশিক্ষক হিচাপে কায়ৰন প'লাৰ্ডক নিযুক্তি । মাহেলা জয়ৱৰ্ধনেক আঁতৰাই ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীক এই দায়িত্ব অৰ্পণ কৰে মুম্বাই কৰ্তৃপক্ষই। যোৱা ছিজনলৈকে তেওঁ দলটোৰ বেটিং প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। প'লাৰ্ড মুম্বাই ইণ্ডিয়ানছৰ 'ঘৰৰ ল'ৰা' হিচাপে পৰিচিত।

উল্লেখ্য যে, ১৩ বছৰ মুম্বাইৰ হৈ IPL খেলাৰ পিছত ২০২৩ চনৰ পৰা দলটোৰ বেটিং প্ৰশিক্ষক হিচাপে কাম আৰম্ভ কৰে পোলাৰ্ডে। এইবাৰ তেওঁক এক নতুন ভূমিকাত দেখা পোৱা যাব। ৩৯ বছৰীয়া অলৰাউণ্ডাৰগৰাকীয়ে অৱশ্যে এতিয়াও বিভিন্ন দেশত ফ্ৰেঞ্চাইজি লীগ খেলি আছে। কিছুদিন পূৰ্বে মুম্বাই কৰ্তৃপক্ষই জয়ৱৰ্ধনেক অব্যাহতি দিয়াৰ কথা ঘোষণা কৰিছিল। তাৰ পিছৰে পৰা পাঁচবাৰৰ আইপিএল চেম্পিয়ন দলটোৰ নতুন প্ৰশিক্ষক কোন হ’ব, তাক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশেষত ২০১০ চনৰ পৰা দলটোৰ সৈতে জড়িত হৈ থকা পোলাৰ্ডকেই মুম্বাই কৰ্তৃপক্ষই বাছনি কৰে।

তথ্য অনুসৰি, বিগত কেইটামান ছিজনত মুম্বইয়ে আশা কৰা ধৰণৰ প্ৰদৰ্শন কৰিব পৰা নাই। ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, সূৰ্যকুমাৰ যাদৱ আৰু জশপ্ৰীত বুমৰাহৰ দৰে ক্ৰিকেটাৰ থকাৰ পিছতো দলীয় একতাৰ ক্ষেত্ৰত সমস্যা দেখা গৈছে। সম্ভৱতঃ সেই বাবেই পোলাৰ্ডক বাছনি কৰা হৈছে। দলৰ বিভিন্ন পৰ্যায় আৰু পৰিৱৰ্তনৰ সৈতে পোলাৰ্ড সুপৰিচিত। মুম্বইৰ পৰিৱেশ আৰু সংস্কৃতিৰ বিষয়ে তেওঁ সকলো জানে। আশা কৰা হৈছে যে তেওঁ সমস্যাসমূহ সমাধান কৰি দলটোক পুনৰ সফলতাৰ পথলৈ ঘূৰাই আনিবলৈ সক্ষম হ’ব।

মুম্বাই ইণ্ডিয়ানছৰ গৰাকী নীতা আম্বানীয়ে কয় যে, "২২ বছৰ বয়সত মুম্বাই ইণ্ডিয়ানছত কায়ৰন পোলার্ডে যোগদান কৰিছিল । তেতিয়াৰ পৰা ১৬ বছৰ ধৰি পোলার্ড মুম্বাই পৰিয়ালৰ এক অবিচ্ছেদ্য অংগ। ক্ৰিকেটাৰ হিচাপে তেওঁ আমাক বহুতো স্মৰণীয় মুহূৰ্ত উপহাৰ দিছে। মোৰ বিশ্বাস, নতুন দায়িত্বতো তেওঁ একে ধৰণৰ নিষ্ঠা, আন্তৰিকতা, আত্মবিশ্বাস আৰু দৃঢ়তাৰে কাম কৰিব।"
##bigupdate #newsupdate #sportsnews #ipl2027 #kieronpollard #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।