Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ব্ৰাজিলত বাওঁপন্থী দলৰ দপদপনি, ৰাষ্ট্ৰপতি হিচাপে লুইজ ইনচিঅ' লুলা ডা ছিলভা নিৰ্বাচিত

চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত লুলা

নিউজ ডেস্ক : ফ্লেভিঅ' বলচোনাৰোক পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় ৰাষ্ট্ৰপতি লুইজ ইনচিঅ' লুলা ডা ছিলভা । দেওবাৰৰ নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ত ফ্লেভিঅ' বলচোনাৰোক পৰাস্ত কৰিবলৈ সক্ষম হৈছে লুইজে । ইয়াৰ লগে লগে লেটিন আমেৰিকাৰ বৃহত্তম অৰ্থনীতি থকা দেশখনত বাওঁপন্থী নেতৃত্বৰ শক্তি বৃদ্ধি পালে ।
পুনৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত ছাও পাওলোত সমৰ্থকসকলক সম্বোধন কৰি লুলাই কয়, "ব্ৰাজিল কাৰো পাছ চোতাল নহয় ।" উল্লেখ্য যে, অঞ্চলটোত আমেৰিকাৰ প্ৰভাৱৰ ওপৰত কৰা এইটো এটা স্পষ্ট বাৰ্তা আছিল। কিয়নো তেওঁ ট্ৰাম্প প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ পোষকতা কৰা ফ্লেভিঅ' বলচোনাৰোক পৰাস্ত কৰিছে । তেওঁ ডিজিটেল প্লেটফৰ্মসমূহৰ নিয়ন্ত্ৰণৰ বাবেও আহ্বান জনায় আৰু দাবী কৰে যে ব্ৰাজিলে ইয়াৰ জৰিয়তে হোৱা বিদেশী হস্তক্ষেপক পৰাস্ত কৰিছে।

লুলাই কয়, "আমি ডিজিটেল প্লেটফৰ্মসমূহ নিয়ন্ত্ৰণ কৰিব লাগিব। ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে হোৱা বিদেশী হস্তক্ষেপৰ মোকাবিলা কৰাত সফল হৈছে ।”

তথ্য অনুসৰি, ৭৮%-তকৈও অধিক ভোট গণনা হোৱাৰ সময়ত লুলাই ৫১.২১% ভোটেৰে অগ্ৰগতি লাভ কৰিছিল, আনহাতে বলচোনাৰোৱে লাভ কৰিছিল ৪৮.৭৯% ভোট । নিৰ্বাচনী কৰ্তৃপক্ষই চৰকাৰীভাৱে ফলাফল নিশ্চিত কৰাৰ পূৰ্বেই নিৰ্বাচনী সমীক্ষক সংস্থা 'ডেটাফোলহা'-ই লুলাৰ বিজয়ৰ পূৰ্বাভাস দিছিল ।
ইফালে, ফ্লেভিঅ' বলচোনাৰোৱে লুলা ডা ছিলভাৰ বিজয়ৰ পিছত ব্ৰাজিলৰ নিৰ্বাচনৰ ফলাফল 'বাতিল' কৰিবলৈ আহ্বান জনায়। এই বিজয়ে লেটিন আমেৰিকাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মিত্ৰসকলৰ বাবে এক মোক্ষম আঘাত হিচাপে চিহ্নিত হৈছে।

পূৰ্বে ২০০৩ চনৰ পৰা ২০১০ চনলৈ ব্ৰাজিল শাসন কৰা লুলাই ব্ৰাজিলৰ ৰপ্তানিৰ ওপৰত আমেৰিকাই আৰোপ কৰা শুল্ক আৰু ড্ৰাগছ সৰবৰাহকাৰী গোটসমূহক ৱাশ্বিংটনে বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা কাৰ্যক সমালোচনা কৰিছিল।
##bigupdate #newsupdate #internationalnews #luizinacioluladasilva #brazil #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।