Friday, 20 November 2026
লগইন
ব্ৰেকিং

গুৱাহাটীৰ সমীপৰ ডিগাৰুত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা, ৭ টা ডবা লাইনচ্যুত

অসমত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নিউজ ডেস্ক : বুধবাৰে পুৱা গুৱাহাটীৰ সমীপৰ ডিগাৰুত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত পতিত হৈছে ছাইৰাং-কলকাতা এক্সপ্ৰেছ যাত্ৰীবাহী ৰে’লখন । জানিব পৰা মতে, মিজোৰামৰ পৰা কলকাতা অভিমুখী আছিল ৰে’লখন । লাইনচ্যুত 13126 নম্বৰৰ যাত্ৰীবাহী ৰে’লখন । ইঞ্জিনসহ লাইনচ্যুত ৰে’লখনৰ ৭ টা ডবা । দুৰ্ঘটনাত আহত কেইবাজনো যাত্ৰী আৰু আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । ঘটনাস্থলীত উপস্থিত ৰে’ল বিভাগৰ উদ্ধাৰকাৰী দল । ৰে’ল দুৰ্ঘটনাৰ ফলত স্তৱ্ধ উজনি অসমলৈ ৰে’ল চলাচল ।

জানিব পৰা মতে, ছাইৰাং এক্সপ্ৰেছ গৈ থকা ট্ৰেকেৰে আহি আছিল শতাব্দী এক্সপ্ৰেছ । পাণবাৰী ষ্টেচন এৰাৰ পিছতে ব্ৰেক ফেইল হৈছিল ছাইৰাং এক্সপ্ৰেছৰ । জৰুৰীকালীন ব্ৰেকেও কাম কৰা নাছিল ছাইৰাং এক্সপ্ৰেছৰ । ইফালে ডিগাৰু ৰে’ল ষ্টেচনৰো ছিগনেল বিকল আছিল । তৎক্ষণাত চালকে যোগাযোগ কৰিছিল ষ্টেচন কৰ্তৃপক্ষৰ সৈতে। 

ৰে’ল কৰ্তৃপক্ষই জনাইছিল একেটা ট্ৰেকতে শতাব্দী এক্সপ্ৰেছ আহি থকাৰ কথা । তৎক্ষণাত লুপ লাইনেৰে ছাইৰাং এক্সপ্ৰেছক সুমুৱাই দিবলৈ পৰামৰ্শ দিছিল ৰে’ল কৰ্তৃপক্ষই । লুপ লাইনত থকা শিলৰ দ’মত খুন্দা মাৰি গতিবেগ নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল চালকে । তৎকালীন সিদ্ধান্তৰ ফলত দুখনকৈ ৰে’লৰ যাত্ৰীৰ প্ৰাণৰক্ষা পৰিল ।

##bigupdate #newsupdate #traincrash #assam #digaru #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।