Saturday, 07 November 2026
লগইন
ব্ৰেকিং

চৌদি আৰৱৰ দুখন পবিত্ৰ চহৰক লক্ষ্য কৰি হুথীৰ আক্ৰমণ

লক্ষ্য মক্কা-মদিনা!

নিউজ ডেস্ক : চৌদি আৰব চৰকাৰে দাবী কৰে যে, দেশখনৰ দুখন পবিত্ৰ চহৰ মক্কা আৰু মদিনাত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলোৱা হৈছে। এই আক্ৰমণৰ অভিযোগ ইৰান সমৰ্থিত য়েমেনৰ সশস্ত্ৰ গোট হুথীৰ ওপৰত জাপি দিয়া হৈছে। 

চৌদি আৰৱে য়েমেনৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত চৰকাৰক সমৰ্থন কৰে। সেইবাবেই হুথীসকলৰ সৈতে তেওঁলোকৰ সংঘাত। যোৱা ফেব্ৰুৱাৰী মাহত আমেৰিকা আৰু ইজৰাইলৰ যৌথ বাহিনীয়ে ইৰান আক্ৰমণ কৰাৰ পিছত পশ্চিম এছিয়াত যি সংঘাতময় পৰিস্থিতিৰ সৃষ্টি হৈছে, তাৰ বাবেই চৌদি বনাম হুথী সংঘাত পুনৰ তীব্ৰতৰ হৈ পৰিছে। ইৰানৰ সমৰ্থনত হুথীসকলে অস্ত্ৰ তুলি লৈছে। যোৱা কেইবামাহো ধৰি তেওঁলোকে চৌদি আৰৱৰ বিভিন্ন চহৰ, বিমানবন্দৰ আৰু তেল শোধনাগাৰক লক্ষ্য কৰি লৈছে। ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। কিন্তু মক্কা আৰু মদিনাত আক্ৰমণ কৰাৰ অভিযোগ তেওঁলোকে স্বীকাৰ কৰিব বিচৰা নাই। 

চৌদি চৰকাৰে শনিবাৰে সদৰী কৰে যে, দুখন পৱিত্ৰ চহৰক লক্ষ্য কৰি দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। আকাশ প্ৰতিৰক্ষা ব্যৱস্থাৰ জৰিয়তে সেইসমূহ প্ৰতিহত কৰা হৈছে। কিন্তু মিছাইলৰ ধ্বংসাৱশেষ মক্কা আৰু মদিনাৰ কেইবাটাও স্থানত সৰি পৰিছে। ইয়াৰ উপৰিও জেদ্দা, তায়েফ আৰু ৰাবিগৰ দৰে চহৰতো ইয়াৰ ধ্বংসাৱশেষ পৰিছে। এই মিছাইল আক্ৰমণ হুথিয়ে চলোৱা বুলি চৌদি আৰৱে দাবী কৰে।

চৌদি আৰৱৰ আন ঠাইত আক্ৰমণ কৰাৰ কথা অৱশ্যে হুথীয়ে স্বীকাৰ কৰে। তেওঁলোকৰ সামৰিক মুখপাত্ৰ য়াহিয়া ছাৰিয়ে জনায় যে, ৰিয়াদৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, য়ানবুৰ আৰামকো তেল ঘাটি আৰু ৰাবিঘৰ তেল শোধনাগাৰক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰা হৈছে। দাম্মামৰ কিং ফাহদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো আক্ৰমণ চলোৱা হৈছে। য়ানবু আৰু টাইফৰ দিশে অহা মিছাইল প্ৰতিহত কৰা হৈছে বুলি চৌদি আৰৱে জনায়।

অৱশ্যে হুথীৰ দাবী অনুসৰি বাকী লক্ষ্যস্থানসমূহৰ সন্দৰ্ভত তেওঁলোকে কোনো মন্তব্য কৰা নাই। শনিবাৰে ৰাতিপুৱাৰ ভাগত চৌদি চৰকাৰে য়ানবু, তাইফ, মক্কা আৰু জেদ্দাত সতৰ্কবাণী জাৰি কৰে। প্ৰায় দহ মিনিট পিছতেই ইয়াক প্ৰত্যাহাৰ কৰা হয়। আনহাতে, ইয়েমেনৰ দক্ষিণৰ বন্দৰ চহৰ এডেনত উপকূলৰক্ষী বাহিনীৰ ঘাটি লক্ষ্য কৰি শনিবাৰে আক্ৰমণ চলোৱা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ আঙুলিও হুথিৰ দিশেই টোঁৱাইছে। এই সংঘাতক কেন্দ্ৰ কৰি পশ্চিম এছিয়াৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। যাত্ৰীসকলৰ নিৰাপত্তাৰ কথা মনত ৰাখি বিভিন্ন বিমান সংস্থাই ছৌদি আৰৱ অভিমুখী একাধিক বিমান বাতিল কৰা হৈছে।
##bigupdate #newsupdate #houthiattack #saudiarab #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।