Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ট্ৰাম্পৰ বিপদ নিশ্চিত নেকি ! মধ্যৱৰ্তীকালীন নিৰ্বাচনত ট্ৰাম্পৰ মুখঠেকেচা

নিৰ্বাচনত ট্ৰাম্পৰ মুখঠেকেচা !

নিউজ ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ সফলতা । ২০২৬ চনৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে । তেওঁলোকে হাউচ অৱ ৰিপ্ৰেজেণ্টেটিভছত ৰিপাব্লিকানৰ দখলত থকা আসনসমূহ নিজৰ অধীনলৈ আনিছে । বিশেষকৈ নৰ্থ কেৰোলিনাত এক গুৰুত্বপূৰ্ণ চিনেট আসন হস্তগত কৰিছে আৰু জৰ্জিয়াৰ গভৰ্ণৰ পদত জয়লাভ কৰিছে ।

এই ফলাফলে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ বাবে এক ডাঙৰ আঘাত । যিহেতু নিৰ্বাচনৰ পূৰ্বলৈকে কংগ্ৰেছৰ দুয়োখন সদন আৰু হোৱাইট হাউচ তেওঁলোকৰ নিয়ন্ত্ৰণত আছিল। এই সফলতাই ট্ৰাম্পৰ কাৰ্যকালৰ শেষৰ দুবছৰৰ বাবে ৱাশ্বিংটনৰ ক্ষমতাৰ ভাৰসাম্য পুনৰ সলনি কৰিব পাৰে।

ডেম’ক্ৰেটসকলে চাৰিখন ৰাজ্যত সফলতা অৰ্জন কৰি আমেৰিকাৰ প্ৰতিনিধি সভাত ৰিপাব্লিকানৰ দখলত থকা ছয়খন আসন নিজৰ অধীনলৈ আনিছে । প্ৰতিনিধি সভাৰ আটাইকেইখন ৪৩৫খন আসন আৰু চিনেটৰ ১০০খন আসনৰ ভিতৰত ৩৫খন আসনৰ লগতে ৩৬খন ৰাজ্যৰ গভৰ্ণৰ পদৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে । ৰিপাব্লিকানসকলৰ হাতৰ পৰা দুয়োখন সদন কাঢ়ি ল’বলৈ ডেম’ক্ৰেটসকলক প্ৰতিনিধি সভাত মাত্ৰ তিনিখন আসনৰ বৃদ্ধি আৰু চিনেটত মুঠ চাৰিখন আসনৰ প্ৰয়োজন আছিল।

কেণ্টাকী আৰু ইণ্ডিয়ানাত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে, প্ৰতিনিধি সভাৰ ডেম’ক্ৰেক্টিক সংখ্যালঘু দলৰ নেতা হাকিম জেফ্ৰিছে ৱাশ্বিংটনত সাংবাদিকৰ আগত কয় যে দেশখন "এক নাটকীয় দিশ পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে।" তেওঁ ভৱিষ্যদ্বাণী কৰি কয়, "আমি ডেম’ক্ৰেটসকলে প্ৰতিনিধি সভাৰ নিয়ন্ত্ৰণ পুনৰ ঘূৰাই লোৱাৰ একেবাৰে কাষ চাপিছো ।"

কিন্তু চিনেটৰ যুঁজখন ডেম’ক্ৰেটসকলৰ বাবে অতি কঠিন আছিল। যদিও ৰিপাব্লিকানসকলৰ হাতত ৫৩-৪৭ ব্যৱধানত চিনেটৰ সংখ্যাগৰিষ্ঠতা আছিল, তথাপিও জনসাধাৰণৰ ক্ষোভৰ বাবে এই নিৰ্বাচনী যুদ্ধ এতিয়া কানছাছ, টেক্সাছ, আইঅ’ৱা, ওহাইঅ’ আৰু আলাস্কাৰ দৰে পূৰ্বৰ অতি সংৰক্ষণশীল ৰাজ্যসমূহলৈকো সম্প্ৰসাৰিত হৈছে।
##usamidtermelections #trump #midtermelectionsresults #presidenttrump

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।