Saturday, 07 November 2026
লগইন

তেজ শুহা মহৰ বন্ধ্যাকৰণেৰে গু'গলে হ্ৰাস কৰিলে মহৰ সংখ্যা

মহৰ বন্ধ্যাকৰণ !

নিউজ ডেস্ক:ঘৰত মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ ধূনা, মাহ মাৰিবলৈ ভিন্ন সজুলি, ৰাতি শোৱাৰ সমত আপুনিও নিশ্চিয় আঠুৱা ব্যৱহাৰ কৰিছ । মহৰ কামোৰৰ বাবে মেলেৰীয়া,ডেংগু, জিকা, চিকুনগুনিয়া ৰোগ হোৱা নিশ্চিয় আপুনিও শুনিছে । কিন্তু মহৰ পৰা পৰিত্ৰাণ দিবলৈ গু'গলে কৰিব মহৰ বন্ধ্যাকৰণ ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াত গুগলৰ পৃষ্ঠপোষকতাত চলোৱা হৈছিল এটা মহ নিয়ন্ত্ৰণ প্ৰকল্প । ইয়াৰ অধীনত প্ৰায় ৩০ লাখ বিশেষভাৱে প্ৰজনন কৰা মতা মহ সফলতাৰে বন্ধ্যাকৰণ কৰি মুকলি কৰি দিছে । ইয়াৰ দ্বাৰা এক আক্ৰমণাত্মক ৰোগ বাহক প্ৰজাতিৰ মহৰ সংখ্যা ৯৫% লৈকে হ্ৰাস কৰিবলৈ সক্ষম হৈছে বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছে ।

'দ্য কনভাৰ্চেশ্যন' (The Conversation) ৰ এক প্ৰতিবেদন অনুসৰি, এলফাবেট (Alphabet) ৰ 'ডিপাগ' (Debug) নামৰ সংস্থাই কেলিফৰ্ণিয়া আৰু ফ্ল’ৰিডাত মহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ ৩.২ কোটি পৰ্যন্ত বন্ধ্যাকৰণ কৰা মতা মহ মুকলি কৰাৰ বাবে অনুমোদন বিচাৰিছে প্ৰশাসনৰ পৰা ।

এই সন্দৰ্ভত কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক নাইজেল বিবীয়ে 'দ্য কনভাৰ্চেশ্যন'ত লিখিছে যে এই পৰীক্ষাই দেখুৱাইছে যে বিশেষভাৱে প্ৰজনন কৰা মতা মহ মুকলি কৰি দিলে এডীছ ইজিপ্টাই মহৰ বংশবৃদ্ধি দমন কৰিব পৰা যায় । এই বিধ হৈছে এক আক্ৰমণাত্মক প্ৰজাতি যিয়ে ডেংগু, জিকা, চিকুনগুনিয়া ৰোগ বিয়পায় ।


মহৰ বন্ধ্যাকৰণৰ বাবে গুগ'লে বিশেষ প্ৰকল্প আৰম্ভ কৰিছিল ২০১৫ চনত । তেতিয়া অধ্যাপক বিবীৰ দলে চিলিকন ভেলী ভ্ৰমণ কৰি গুগলৰ লাইফ ছায়েন্স ডিভিজন 'ভেৰিলীৰ বিজ্ঞানীসকলক লগ কৰিছিল । তেতিয়াই পৰিৱেশ অনুকূল উপায়েৰে আক্ৰমণাত্মক মহ দমন কৰাৰ ওপৰত কাম কৰি আছিল একাংশ লোকে ।

এই পদ্ধতিটো 'ৱলবাচিয়া' (Wolbachia) নামৰ এটা বেক্টেৰিয়াৰ ওপৰত নিৰ্ভৰ কৰে । যিটো প্ৰাকৃতিকভাৱে বহুতো পতংগৰ শৰীৰত পোৱা যায় । ইয়াৰ কিছুমান বিশেষ প্ৰজাতিৰ মহে মিলন প্ৰক্ৰিয়াটোক অসামঞ্জস্যপূৰ্ণ কৰি তোলে । যাৰ ফলত কণীৰ বিকাশ নহয় ।

অধ্যাপক বিবীয়ে কয় যে, পৰ্যাপ্ত পৰিমাণৰ ৱলবাচিয়া যুক্ত মতা মহ মুকলি কৰি দিলে সময়ৰ লগে লগে মহৰ সংখ্যা হ্ৰাস পাব আৰু মতা মহবোৰৰ ডাঙৰ, জোপোহা এন্টেনাবোৰে সিহঁতক বাকী থকা শেষৰ মাইকী মহবোৰ বিচাৰি পোৱাত সহায় কৰে ।

২০১৮ চনত চলা এক ২০ সপ্তাহীয়া মুকলি প্ৰক্ৰিয়াৰ সময়ত, তিনিখন চহৰত প্ৰায় ৩০ লাখ ৱলবাচিয়া যুক্ত মতা মহ মুকলি কৰি দিয়া হৈছিল। আনহাতে যিবোৰ চহৰত মহ মুকলি কৰা হোৱা নাছিল তেনে স্থানটো নিৰীক্ষণত ৰখা হৈছিল । বিজ্ঞানীসকলে মতা মহক মাইকী মহৰ পৰা পৃথক কৰিবলৈ মেচিন-লাৰ্নিং ভিত্তিক ব্যৱস্থাসহ কাষ্টম প্ৰযুক্তি নিৰ্মাণ কৰিছিল, যাতে কেৱল মতা মহহে মুকলি কৰা হয়।

২০২১ চনত প্ৰকাশিত তথ্য অনুসৰি, মহ মুকলি কৰাৰ চাৰি সপ্তাহৰ ভিতৰতে মহৰ জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। দুখন চহৰত, এই দমনকাৰী প্ৰভাৱ পৰৱৰ্তী বছৰলৈকে বাহাল আছিল। ১২ মাহৰ পিছত এটা স্থানত মাত্ৰ কেইটামানহে এডীছ ইজিপ্টাই মহ পোৱা গৈছিল, যিয়ে প্ৰায় ৯৫% মহৰ জনসংখ্যা দমন কৰিবলৈ সক্ষম হৈছে ।
##bigupdate #newsupdate #mosquitostarilisation #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।