নিউজ ডেস্ক : মঙলবাৰে নগাঁও জিলাৰ শ্বহীদ ভৱনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত অংশগ্ৰহণকাৰীসকলে ‘ভোট চোৰ, গাদ্দী চোৰ’ শ্লোগান দি ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (SIR) প্ৰক্ৰিয়া বাতিল কৰা আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰে।
এই সভাখন ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI), ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) বা CPI(M), গণতন্ত্ৰ সুৰক্ষা মঞ্চ, সদৌ অসম গ্ৰামীণ শ্ৰমিক সংঘ আৰু সদৌ অসম প্ৰগতিশীল মহিলা সন্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰা হয়।
উল্লেখ্য যে, বাওঁপন্থী দলসমূহৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজেও এই সভাত অংশগ্ৰহণ কৰে।
সভাত অংশগ্ৰহণকাৰীসকলে অসমত বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰৱৰ্তনৰ প্ৰস্তাৱৰো বিৰোধিতা কৰাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) উন্নীতকৰণৰ দাবী জনায়।
তথ্য অনুসৰি, SIR বাতিল আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলি থকা বৃহত্তৰ প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপেই এই সভাৰ আয়োজন কৰা হয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।