জানিব পৰা মতে, চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল ৰাজু দাস আৰু হত্যাকাণ্ডৰ পাছৰে পৰা বন্ধ হৈ আছিল ৰাজুৰ ম’বাইল । বিগত ৭ বছৰে চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া ৰূপে আছিল ৰাজু । ইতিমধ্যে আৰক্ষীয়ে ঘৰটোৰ পৰা উদ্ধাৰ কৰিছে ৰড আৰু দা ।
তথ্য অনুসৰি, সোমবাৰে পুৱা ১০ বজালৈকে ফেচবুকত অনলাইন আছিল নীহাৰিকা ভূঞা । ইফালে বিয়লি ভাগত ষট পূজাৰ প্ৰসাদ দিবলৈ আন এজনৰ সৈতে চন্দ্ৰকান্ত ভূঞাৰ ঘৰলৈ গৈছিল ৰাজু দাস । কিন্তু চন্দ্ৰকান্ত ভূঞাৰ ঘৰৰ দুৱাৰ বন্ধ থকা কাৰণে ষট পূজাৰ প্ৰসাদ দিব নোৱাৰিলে ৰাজু দাসে ।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । তথ্য অনুসৰি,চন্দ্ৰকান্ত ভূঞাই সাজিছিল এটা ঘৰ । নিৰ্মাণ সম্পূৰ্ণ নোহোৱা ঘৰটোতে চন্দ্ৰকান্ত ভূঞাৰ পৰিয়ালে থাকিবলৈ লোৱাৰ বিপৰীতে ভাড়ালৈ দিছিল আনটো ঘৰ । সেই ভাড়ালৈ দিয়া ঘৰটোতে থাকে ৰাজু দাস ।
AMCHত সম্পন্ন হ’ব মৃত তিনিওৰে মৰণোত্তৰ পৰীক্ষা। চৰাইদেউ জিলাৰ মৰাণজান গাঁৱত ঘৰ চন্দ্ৰকান্ত ভূঞাৰ ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।