Saturday, 21 November 2026
লগইন
ব্ৰেকিং

ভাৰতৰ বিৰুদ্ধে আগন্তুক দুখনীয়া টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ডে ১৪ জনীয়া দল ঘোষণা

১৪ জনীয়া দল ঘোষণা নিউজিলেণ্ডৰ

নিউজ ডেস্ক : ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ডে দল ঘোষণা কৰিছে। ১৪ জন ক্ৰিকেটাৰক লৈ এই দলটো ঘোষণা কৰা হৈছে। আঘাতৰ পৰা সুস্থ হৈ দললৈ উভতি আহিছে ৰাচিন ৰবীন্দ্ৰ আৰু ডেভন কনৱে। অৱশ্যে কেইবাজনো খেলুৱৈ দলৰ পৰা বাদ পৰিছে।

তথ্য অনুসৰি, টি-২০ আৰু এদিনীয়া শৃংখলাত খেলিব পৰা নাছিল ৰবীন্দ্ৰই। ছেপ্টেম্বৰ মাহত এটা বিজ্ঞাপনৰ শ্বুটিঙত কেচ ধৰিবলৈ যাওঁতে তেওঁৰ কান্ধৰ হাড় লৰি আঘাপ্ৰাপ্ত হৈছিল খেলুৱৈগৰাকী। সেই আঘাত এতিয়া ভাল হৈছে। কনৱে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচৰ পিছতেই বাহিৰ হৈ গৈছিল। অনুশীলনৰ সময়ত এটা কেচ ল’বলৈ যাওঁতে সতীৰ্থ মেট হেনৰীৰ সৈতে হোৱা সংঘৰ্ষত তেওঁৰ মূৰত আঘাত লাগিছিল। কোৱাড্ৰিচেপছত আঘাত পাইছিল উইকেটকীপাৰ টম ব্লাণ্ডেলে। তেওঁকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ইংলেণ্ডত ২-১ ব্যৱধানত শৃংখলা জয় কৰা নিউজিলেণ্ড দলটোৰ অধিকাংশ খেলুৱৈকে বৰ্তমানৰ দলটোত ৰখা হৈছে। অৱশ্যে কেন উইলিয়ামছন, উইল অ’ৰ’ৰ্ক, বেন ছিয়াৰ্ছ আৰু জেক ফ’কছে স্থান লাভ কৰা নাই। ইংলেণ্ড ভ্ৰমণৰ মাজভাগতেই উইলিয়ামছনে অৱসৰ গ্ৰহণ কৰিছিল। ছিয়াৰ্ছ আৰু ফ’কছ আঘাতপ্ৰাপ্ত হৈছে। দলটোৰ অন্যতম সদস্য অ’ৰ’ৰ্কক জিৰণি দিয়া হৈছে, কিয়নো ভাৰতৰ পাছতেই নিউজিলেণ্ডৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চাৰিখন টেষ্টৰ শৃংখলা আছে।

উল্লেখ্য যে, ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটো কিৱিসকলৰ বাবে সহজ নহ'ব। টি-২০ শৃংখলাত তেওঁলোকে ইতিমধ্যেই পৰাজয় বৰণ কৰিছে। এদিনীয়া শৃংখলাতো ০-২ ব্যৱধানত পিছ পৰি আছে। শৃংখলা জয়ৰ কোনো সম্ভাৱনা নাই। আত্মবিশ্বাসী ভাৰতীয় দলটোক তেওঁলোকে কেনেদৰে চম্ভালি লয় সেয়াই এতিয়া লক্ষণীয় হ'ব।

আনহাতে, ভাৰতে ২০ বছৰ ধৰি নিউজিলেণ্ডত কোনো টেষ্ট শৃংখলা জয় কৰা নাই। এইবাৰ বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ'বলৈ হ'লে এই শৃংখলাটো জয় কৰিবই লাগিব।
##bigupdate #newsupdate #sportsnews #indiavsnewzealand #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।