নিউজ ডেস্ক : কাজিৰঙাত সংঘটিত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাৰ পৰীক্ষা কৰিবলৈ ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) বিষয়া অসমলৈ আহিব । দিল্লী আৰু পুনেৰ পৰা বিশেজ্ঞৰ দলে আহি তদাৰক কৰিব বুলি অসমৰ পৰিবহণ মন্ত্ৰী চৰণ বড়োৱে শনিবাৰে জানিবলৈ দিয়ে।
পুৱা দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰা বড়োৱে কয় যে এই দলসমূহে শোকাৱহ ঘটনাটো সংঘটিত হোৱাৰ কাৰণসমূহ পৰীক্ষা কৰিব। "দিল্লীৰ পৰা এন এইচ এ আইৰ (NHAI) বিষয়াসকল আহি আছে আৰু এই পৰীক্ষণত সহায় কৰিবলৈ পুনেৰ পৰাও এটা দল অহাৰ কথা আছে," বড়োৱে কয়।
তেওঁ লগতে জনায় যে পৰিবহণ বিভাগৰ বিষয়াসকলে বাহনখন পৰীক্ষা কৰি তাত এটা 'স্পীড লিমিটিং ডিভাইচ' (SLD) সংস্থাপন কৰা থকাৰ কথা জানিব পাৰিছে। "অৱশ্যে, ই সঠিকভাৱে কাম কৰি আছিল নে নাই সেয়া কাৰিকৰী পৰীক্ষাৰ পিছতহে জানিব পৰা যাব," তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে যে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰ বাহনখনৰ বিৰুদ্ধে পূৰ্বেও অতি বেগত গাড়ী চলোৱাৰ বাবে দুবাৰকৈ জৰিমনা বিহা হৈছিল আৰু দুয়োবাৰেই জৰিমনা আদায় দিয়া হৈছিল। "অৱশ্যে, যোৰহাটত ঘণ্টাত ১০২ কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ বাবে বিহা আন এটা জৰিমনা অনাদায় হৈ আছিল। পৰীক্ষাৰ সময়ত অতি বেগত গাড়ী চলোৱাৰ আন এটা অপৰাধো ধৰা পৰিছে," তেওঁ লগতে কয়।
বড়োৱে গুৰুত্ব আৰোপ কৰি কয় যে কেৱল জৰিমনা বিহিলেই এনে শোকাৱহ ঘটনা ৰোধ কৰিব পৰা নাযাব। "পথ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাইজ, চৰকাৰ আৰু প্ৰশাসনে একেলগে কাম কৰিব লাগিব," তেওঁ কয়।
ৰাজ্য চৰকাৰৰ নীতি-নিয়ম বলৱৎকৰণৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি বড়োৱে কয় যে অসমত মাহিলী জৰিমনা বা ব্যৱস্থা গ্ৰহণৰ সংখ্যা প্ৰায় ৩৫,০০০ৰ পৰা যোৱা মাহত ১.৩৫ লাখলৈ বৃদ্ধি পাইছে আৰু বিভাগে এই সংখ্যা ১.৫ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। "পথ সুৰক্ষাৰ নিয়মসমূহৰ নিৰীক্ষণ আৰু বলৱৎকৰণ শক্তিশালী কৰিবলৈ চৰকাৰে সমগ্ৰ অসমতে ট্ৰেফিক ছাৰ্ভেইলেন্স কেমেৰা স্থাপনৰ দিশত কাম কৰি আছে," তেওঁ লগতে কয়।
ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা স্বীকাৰ কৰি যান-বাহন আইন কঠোৰভাৱে বলৱৎ কৰাৰ আহ্বান জনায়। "যোৱা দুবছৰত পথ দুৰ্ঘটনা বৃদ্ধি পাইছে। গতিবেগৰ সীমা আৰু পথ সুৰক্ষা সম্পৰ্কীয় বিভিন্ন নীতি উলংঘনৰ ঘটনা এতিয়াও সংঘটিত হৈ আছে। এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ যান-বাহন আইন কঠোৰভাৱে বলৱৎ কৰাটো প্ৰয়োজনীয় হ'ব," শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শনৰ সময়ত শৰ্মাই এইদৰে কয়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।