Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ফ্ৰান্সত জীৱ-জন্তুৰ পৰা বিয়পিছে মহামাৰী, চিন্তিত বিশ্ববাসী

ফ্ৰান্সত মহামাৰী !

নিউজ ডেস্ক : ফ্ৰান্সত মানুহৰ শৰীৰত শামোণ্ডা ভাইৰাছ (Shamonda virus)-ৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । ইয়াৰ লগে লগে শামোণ্ডা ভাইৰাছ মানুহৰ শৰীৰত বিশ্বৰ প্ৰথমটো নথিভুক্ত ঘটনা নিশ্চিত কৰিছে । এই বীজাণুটো ইয়াৰ আগতে কেৱল গৰু আৰু ভেড়াৰ দৰে পশুধনৰ মাজতহে বিয়পা বুলি জনা গৈছিল ।

 লাইঅ’ন (Lyon) চহৰৰ এগৰাকী ৰোগীৰ দেহত এই ভাইৰাছ ধৰা পৰিছিল, যাৰ অক্টোবৰ মাহৰ আৰম্ভণিতে মৃত্যু হয় । ৰোগীগৰাকীয়ে 'হস্পিচেচ চিভিলছ ডি লাইঅ’ন' (Hospices Civils de Lyon)-ত চিকিৎসা গ্ৰহণ কৰি আছিল । মৃত্যুৰ পূৰ্বে তেওঁ গুৰুতৰ স্নায়ৱিক জটিলতাত ভুগিছিল ।

বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা দিনৰ পূব ফ্ৰান্সৰ জীৱ-জন্তুৰ মাজত বিয়পি পৰা এই পতংগ-বাহিত ভাইৰাছবিধ ৰোগীগৰাকীৰ দেহত এক প্ৰকাৰৰ মাখিৰ কামোৰৰ জৰিয়তে প্ৰৱেশ কৰিছিল । ফ্ৰান্সৰ স্বাস্থ্য আৰু কৃষি মন্ত্ৰালয়ে এক যুটীয়া বিবৃতিত প্ৰকাশ কৰিছে যে, "প্ৰত্যক্ষ কৰা স্নায়ৱিক জটিলতাসমূহ... শামোণ্ডা ভাইৰাছৰ সংক্ৰমণৰ সৈতেই জৰিত হোৱাৰ সম্ভাৱনা প্ৰবল ।" 

অৱশ্যে ইয়েই পোনপটীয়াকৈ মৃত্যুৰ কাৰণ আছিল নেকি তাক নিশ্চিত কৰিবলৈ "চিকিৎসা সম্পৰ্কীয়, জৈৱিক আৰু মহামাৰী বিজ্ঞান সংক্ৰান্তীয় অনুসন্ধান এতিয়াও অব্যাহত আছে" বুলিও তেওঁলোকে স্পষ্ট কৰি দিয়ে । ইফালে, ইউৰোপীয় ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ (ECDC)-ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে ।

স্বাস্থ্য কৰ্তৃপক্ষই জনসাধাৰণক আশ্বস্ত কৰিছে যে এয়া এটা বিচ্ছিন্ন আৰু ব্যতিক্ৰমী ঘটনা আৰু ইয়াৰ দ্বাৰা সাধাৰণ ৰাইজৰ প্ৰতি কোনো ব্যাপক বিপদাশংকা চিহ্নিত হোৱা নাই।
##bigupdate #newsupdate #france #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।