নিউজ ডেস্ক : আজি(বৃহস্পতি)ৰ পৰা ২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব অসমৰ পেট্ৰ’ল পাম্প। অইল মাৰ্কেটিং কোম্পানী (OMC)সমূহৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে পেট্ৰ’লিয়াম ডিলাৰসকলে গ্ৰহণ কৰিছে ২৪ ঘণ্টীয়া ‘No Purchase, No Sale’ কাৰ্যসূচী।
North East India Petroleum Dealers’ Association (NEIPDA)-ৰ Greater Guwahati Unitয়ে ঘোষণা কৰিছে যে, ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ পেট্ৰ’ল আৰু ডিজেলৰ ক্ৰয়-বিক্ৰয় বন্ধ ৰখা হ’ব । গুৱাহাটী মহানগৰীকে ধৰি পেট্ৰ’ল পাম্প বন্ধ থাকিব কামৰূপ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত।
OMCসমূহে ডিলাৰসকলৰ সৈতে একপক্ষীয় আৰু স্বেচ্ছাচাৰী আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে North East India Petroleum Dealers’ Association । সংগঠনটোৰ অভিযোগ অনুসৰি, কোনো পূৰ্ব জাননী বা ডিলাৰসকলক নিজৰ পক্ষ দাঙি ধৰাৰ সুযোগ নিদিয়াকৈ পেট্ৰ’ল-ডিজেলৰ যোগান বন্ধ কৰাৰ ভাবুকি দিয়া হৈছে ।
ইয়াৰ উপৰি, ইন্ধন পৰিবহণৰ বাবে চলি থকা Tank Truck Consortium ব্যৱস্থা পূৰ্ব জাননী নিদিয়াকৈ বাতিল কৰা, ডিলাৰসকলৰ ওপৰত অতিৰিক্ত Lubricant ক্ৰয়ৰ বাবে হেঁচা প্ৰয়োগ কৰা আৰু বিভিন্ন ক্ষেত্ৰত আৰ্থিক লোকচানৰ সন্মুখীন কৰোৱাৰ অভিযোগো উত্থাপন কৰিছে ডিলাৰ সন্থাই ।
ডিলাৰসকলৰ অভিযোগ অনুসৰি, কিছুমান ক্ষেত্ৰত Fuel Loading Facility বন্ধ কৰি দিয়া, POS মেচিন স্থাপনৰ বাবে হেঁচা দিয়া, SAP একাউণ্টৰ পৰা ধন কৰ্তন আৰু অনুমোদিত ৰাজসাহায্য তথা বিভিন্ন ব্যয়ৰ ধন ঘূৰাই দিয়াত পলম কৰাৰ দৰে সমস্যাও দেখা দিছে । ২৩ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন বন্ধৰ সকীয়নিকেৱল ২৪ ঘণ্টীয়া বন্ধতে প্ৰতিবাদ সীমাবদ্ধ নাথাকিব পাৰে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।