নিউজ ডেস্ক : জুবিন গাৰ্গক লৈ ডাঙৰ সপোন দেখিছে সংগীত শিল্পী মানস ৰবীনে ৷ ন্যায় নহয়, এতিয়া জুবিন গাৰ্গক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে সংগীত শিল্পী মানস ৰবীনে ৷ দেওবাৰে খানাপাৰাৰ পৰা আৰম্ভ হৈছে ব্ৰিটেইনৰ জুবিন গাৰ্গক লণ্ডনৰ মাডাম তুছো মিউজিয়ামলৈ নিয়া প্ৰক্ৰিয়া ।
ইয়াৰ বাবে সকলোকে আহ্বান #ZubeenGargStatueInMadameTussauds লিখিবলৈ। সামাজিক মাধ্যমত এই হেছটেগ হ'ব লাগিব ১০ লাখ । ন্যায়ৰ নহয় জুবিন গাৰ্গক আন্তৰাষ্ট্ৰীয় পৰ্যায়লৈ এই দৰে লৈ যোৱাৰ পৰিকল্পনা কৰিছে সংগীত শিল্পী মানস ৰবীনে ।
খানাপাৰাত মানস ৰবীনে আয়োজন কৰা ‘জুবিন দাৰ বাবে এদিন’ অনুষ্ঠানত মুকলি কৰাৰ লগতে সামাজিক মাধ্যমৰ বাবে এক বিশেষ হেছটেগ ব্যৱহাৰ কৰিবলৈ জুবনি অনুৰাগীক । ইয়াৰ দ্বাৰা মানস ৰবীনৰ লক্ষ্য মাইকেল জেকচনৰ মমৰ প্ৰতিমূৰ্তি থকা লণ্ডনৰ মাডাম তুছো মিউজিয়ামলৈ জুবিন গাৰ্গক লৈ যোৱা ৷
ইয়াৰ বাবে লণ্ডনত থকা এগৰাকী অসমৰ যুৱতীয়ে ইতিমধ্যেই আগবঢ়ালে প্ৰাৰম্ভিক কাম-কাজ । ইৰাকত জন্ম হোৱা বৰ্তমান লণ্ডনৰ নিৱাসী মানাহীল হুছেইন বাগদাদী নামৰ যুৱতীগৰাকীয়ে এই বিষয়টোত মিউজিয়াম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাৰ পিছতে আহিল ভাল খবৰ । মিউজিয়াম কৰ্তৃপক্ষই দিলে কেইবাটাও পৰামৰ্শ ।
জুবিন গাৰ্গৰ শেষ কৃত্যৰ সময়ৰ লাখ লাখ মানুহৰ দৃশ্যবোৰ আছেই কিন্তু ইয়াৰ বাবে সামাজিক মাধ্যমটো দেখুৱাব লাগিব জুবিন গাৰ্গৰ জনপ্ৰিয়তা । অনুষ্ঠানৰ মাজতে মানস ৰবীনক ফোন কৰি এই কথা ৰাইজৰ আগত জনাই দিলে পদক্ষেপ লোৱা যুৱতীগৰাকীয়ে । সকলোকে আহ্বান জনালে সামাজিক মাধ্যমত #ZubeenGargStatueInMadameTussauds লিখিবলৈ ।
তেওঁ উল্লেখ কৰা অনুসৰি এতিয়া প্ৰয়োজন #ZubeenGargStatueInMadameTussauds সামাজিক মাধ্যমত ১০ লাখ কৰি জুবিন গাৰ্গৰ জনপ্ৰিয়তা দেখুৱাই দিয়া ৷

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।