কেনেধৰণৰ টাব বাছনি কৰিব?
কমেও ১৮ৰ পৰা ২৪ ইঞ্চি জোখৰ ডাঙৰ টাব বা ড্ৰাম ল’লে গছজোপা ভালদৰে বাঢ়িব। টাবটোত পানী ওলাই যোৱাৰ ব্যৱস্থা ভাল হোৱাটো অতি জৰুৰী।
মাটি প্ৰস্তুত কৰাৰ পদ্ধতি
সাধাৰণ বাগিচাৰ মাটি, বালি আৰু শুকান গোবৰ সাৰ একেলগে মিহলাই লওক। ইয়াৰ সৈতে অলপ নিমখল আৰু ভাৰ্মিকম্প’ষ্ট যোগ কৰক। ইয়াৰ ফলত গছজোপাই প্ৰয়োজনীয় পুষ্টি লাভ কৰিব। মাটিখিনি পাতল আৰু জুৰুলা হোৱাটো নিশ্চিত কৰক। তেতিয়া মাটিত পানী জমা নহ’ব আৰু শিপালৈকে বতাহৰ চলাচল ভালদৰে হ’ব।
পুলি বাছনি
বীজৰ পৰা গছ নুঘুলাই নাৰ্ছাৰীৰ পৰা কলমৰ পুলি (ভাগৱা জাতৰ) কিনি আনক। ইয়াৰ ফলত গছজোপাত অতি সোনকালে ফল ধৰিব।
পুলি ৰোপণৰ নিয়ম
টাবৰ তলত কিছু শুকান পাত বা ইটাৰ সৰু সৰু টুকুৰা দি তাৰ পিছত সাৰ মিহলি কৰা মাটি ভৰাই লওক। পুলিটোৰ গুৰিৰ মাটিৰ পিণ্ডটো নাভাঙি সাৱধানে টাবৰ মাজত ৰোপণ কৰক। কাষে কাষে মাটি দি হেঁচি দিয়ক আৰু অলপ পানী দিয়ক।
ৰ’দৰ ব্যৱস্থা
টাবটো এনে এঠাইত ৰাখক, য’ত দিনটোত কমেও ৬ৰ পৰা ৮ ঘণ্টা ৰ’দ পৰে। ডালিম গছৰ ভালদৰে বৃদ্ধি আৰু ফল ধৰাৰ বাবে পৰ্যাপ্ত ৰ’দ অতি প্ৰয়োজনীয়।
কেনেদৰে পানী দিব?
প্ৰতিদিনে নিৰ্দিষ্ট পৰিমাণৰ পানী দিয়াৰ প্ৰয়োজন নাই। টাবৰ ওপৰৰ মাটিখিনি শুকাই গ’লেহে পানী দিয়ক। বাৰিষা কালত পানী দিয়াৰ পৰিমাণ কমাই দিয়ক। মাটিত পানী জমা হ’লে গছৰ শিপা পচি যাব পাৰে।
সাৰ প্ৰয়োগ আৰু ডাল-পাত ছাঁটনি
মাহত এবাৰ অলপ গোবৰ সাৰ আৰু নিমখল টাবৰ মাটিত প্ৰয়োগ কৰক। গছজোপাৰ মৰা, শুকান ডাল আৰু গুৰিৰ ফালে গজা অপ্ৰয়োজনীয় সৰু সৰু ডালবোৰ কেঁচিৰে ছাঁটনি কৰি দিয়ক। ইয়াৰ ফলত গছজোপাই পৰ্যাপ্ত পোহৰ আৰু বতাহ পাব, লগতে ফলৰ উৎপাদনো ভাল হ’ব।
অক্টোবৰত গৰমৰ প্ৰকোপ বেছি নাথাকে আৰু বৰষুণো কমি আহে। সেয়েহে, ডালিম গছ ৰোপণৰ বাবে এই সময়ছোৱা আদৰ্শ। উন্নত মানৰ পুলি কিনি আনি গছজোপাৰ সঠিক যত্ন ল’লে, দুবছৰৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ফল পোৱাৰ সম্ভাৱনা থাকে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।