নিউজ ডেস্ক : লক্ষ্মীপূজাৰ ভোগৰ কাঁহীখনৰ কথা মনলৈ আনিলেই চকুৰ সন্মুখত ভাঁহি উঠে গৰম গৰম খিচিৰি, লগতে লাবড়া, চাটনী, পায়স আৰু বাতি ভৰ্তি ৰঙা আলুতক। কোজাগৰী লক্ষ্মীপূজাৰ ভোগ এই আলুতক অবিহনে আধৰুৱা যেন লাগে। কিন্তু সমস্যাটো হ’ল, প্ৰতি বছৰে একেই ৰেচিপি— আদা, বিলাহী আৰু জিৰাৰে কঁহাই ৰন্ধা সেই চিনাকি সোৱাদ।
এইবাৰ পূজাৰ ভোগৰ কাঁহীখনত অলপ সলনি কৰিলে কেনে হয়? পিয়াঁজ-নহৰু নোহোৱাকৈ সম্পূৰ্ণ নিৰামিষ, অথচ সোৱাদত একেবাৰে নতুন আৰু অনন্য— তেনে ৩ বিধ ভিন্ন সোৱাদৰ আলুতকৰ ৰেচিপি বনাওক।
টেঙা-জলা-মিঠা আলু ভাজি
জীৰা, ধনীয়া, চফ, শুকান জলকীয়া আৰু তেজপাত শুকানকৈ ভাজি ঠাণ্ডা কৰি গুড়ি কৰি লওক। সিজাই থোৱা আলু সৰিয়হৰ তেলত ৰঙচুৱাকৈ ভাজি তুলি ৰাখক। এতিয়া সেই তেলতে জীৰা ফুটাই তাৰ ভিতৰত অলপ হিং আৰু প্ৰস্তুত কৰা আদা দিয়ক। সামান্য লৰচৰ কৰাৰ পিছত আদাৰ কেঁচা গোন্ধটো গ’লে তাত বটি থোৱা বিলাহী, নিমখ, চেনি, হালধী আৰু জলকীয়া গুড়ি দি দিয়ক। ভালদৰে কষাই লওক। মচলাৰ পৰা তেল এৰিবলৈ ধৰিলে তাৰ ভিতৰত ভাজি থোৱা আলু, কেঁচা জলকীয়া কুচি, তেতেলী পানী আৰু ভাজি থোৱা মচলাখিনি দি দিয়ক। আলু মচলাৰ সৈতে লপথপীয়া হৈ পৰিলে নমাই লওক।
পুদিনা আলু
আলু সিজাই লৈ ভাজি লওক। এইবাৰ মিক্সিত পুদিনা, ধনীয়া পাত, আদা, জলকীয়া, কাজু আৰু দ্ৰব্যসমূহ দি এটা ডাঠ মিশ্ৰণ প্ৰস্তুত কৰি লওক। কেৰাহীত তেল গৰম কৰি জিৰা আৰু শুকান জলকীয়া ফূৰণ দিয়ক। তাৰ পিছত বটি থোৱা মিশ্ৰণটো কম জুইত ভালদৰে ভাজি লওক। ফেটি থোৱা বাকী থকা দৈখিনি ঢালি দিয়ক। এতিয়া ভজা আলু, নিমখ-চেনি আৰু সামান্য পানী দি ঢাকোন মাৰি ৫ মিনিটমান ৰান্ধক। শেষত কটা ধনীয়া পাত ওপৰত ছতিয়াই দিলেই সাজু হৈ পৰিব সোৱাদযুক্ত পুদিনা আলু।
ডালৰ পুৰ দিয়া আলুৰ দম
আদা, কেঁচা জলকীয়া, কাজু-কিশমিশ, পোস্ত আৰু ধনীয়া পাত মিক্সিত পিহি থৈ দিয়ক। বাকলি গুচাই আলুৰ ওপৰ অংশ কাটি লওক। চামুচ বা স্কুপেৰে আলুৰ ভিতৰৰ অংশ উলিয়াই আনক। নিমখ-হালধ সানি ভালদৰে ভাজি লওক। এইবাৰ ফিলিং বনাবলৈ কেৰাহীত তেল গৰম কৰি তিয়াই থোৱা চজিনা, ভজা মছলা, কটা মৰিচা, কটা ধনীয়া পাত, কটা কাজু আৰু কিচমিচ, নিমখ আৰু চেনি দি ভালদৰে পিহি লওক। আলুৰ ভিতৰখন ভৰোৱাখিনিৰে ভৰাই লওক। কেৰাহীত তেল গৰম কৰি তাত জিৰা আৰু ভেন্দিৰ গুটি দিব।
তাৰ পিছত বটি থোৱা আদা-ধনিয়া পাতৰ মিশ্ৰণ আৰু বিলাহীৰ পেষ্ট দি ভালদৰে ভাজক। এইবাৰ দৈৰ সৈতে হালধিৰ গুড়ি আৰু জলকীয়াৰ গুড়ি মিলাই ভালদৰে ফেটি লৈ কেৰাহীত দি দিয়ক। ভালদৰে লৰচৰ কৰক। মছলাৰ পৰা তেল ওলাই আহিলে সামান্য গৰম পানী দি পুৰ দিয়া আলুকেইটা কেৰাহীৰ জোলৰ ওপৰত সজাই দিয়ক। পাতলকৈ লৰাই কম জুইত মিনিটদহেক ঢাকন মাৰি ৰান্ধক। শেষত ঢাকনখন খুলি কুটি থোৱা ধনিয়া পাত আৰু খোৱা ক্ষীৰ ছতিয়াই গেছ বন্ধ কৰি দিয়ক।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।