কম সংখ্যক আচবাবেৰেও ঘৰখন সুন্দৰকৈ সজাই তুলিব পাৰি। বৰঞ্চ, ঘৰৰ চুক-কোণ পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিলে আৰু ভিতৰৰ সজ্জা পৰিপাটিকৈ ৰাখিলে, তেতিয়াহে তাত অলপ সময় বহিবলৈ মন যায়। শোৱনি কোঠাত বিচনা পৰিষ্কাৰ কৰি ৰখাটো প্ৰায় প্ৰতিটো ঘৰতে দৈনন্দিন ৰুটিনৰ অন্তৰ্ভুক্ত। কিন্তু কেৱল বিচনা পৰিষ্কাৰ কৰিলেই গোটেই কোঠাটোৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা সম্ভৱ নহয়। ব্যস্ত জীৱনত নিয়মীয়াকৈ ঘৰৰ চুক-কোণ পৰিষ্কাৰ কৰাটো সম্ভৱ নহ’বও পাৰে। সেয়ে, সপ্তাহত আধা ঘণ্টা সময় উলিয়াই লওক। পৰিষ্কাৰ কৰাৰ কৌশল জানিলে, প্ৰতিদিনেই আপোনাৰ শোৱনি কোঠাটো দেখিবলৈ পৰিপাটি হ’ব আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিব।
১। বিচনাৰ বিচনা চাদৰ প্ৰতিদিনে জোকাৰি পৰিষ্কাৰ কৰা হয় যদিও, সপ্তাহত এবাৰ চাদৰখন ধুই নতুনকৈ পাৰি লোৱাটোও জৰুৰী। সপ্তাহত এদিন গাৰুৰ কভাৰ, বিচনা চাদৰ আদি সকলো খুলি ভালদৰে ধুই লওক। বিচনাৰ গাদীখনো ভালদৰে জোকাৰি পৰিষ্কাৰ কৰিব লাগিব। হাঁপানি বা এলাৰ্জীৰ সমস্যা থকাৰ প্ৰৱণতা থাকিলে ভেকুৱাম ক্লিনাৰেৰে পৰিষ্কাৰ কৰি লওক। এই যন্ত্ৰটোৱে ধূলি-মাকতি শুহি লয় বাবে ধূলি কমকৈ উৰে। ফলত এলাৰ্জীৰ আশংকাও হ্ৰাস পায়।
২। শোৱনি কোঠাত ড্ৰেছিং টেবুল থাকিলে, তাৰ ওপৰত ৰখা সকলো প্ৰসাধন সামগ্ৰী এটা বাকচত ভৰাই থওক আৰু পৰিষ্কাৰ কাপোৰেৰে টেবুলখন ভালদৰে মচি লওক। মেকআপ স্পঞ্জ আৰু ব্ৰাছবোৰ চাবোন-পানীৰে ধুই শুকুৱাই থওক। বিচনাৰ কাষত থকা টেবুল লেম্প আৰু টেবুলৰ ওপৰত ৰখা সকলো সামগ্ৰী কাপোৰেৰে মচি পৰিষ্কাৰ কৰি লওক। ইয়াৰ ফলত ধূলিৰ তৰপ জমা হ’ব নোৱাৰে। টেবুলখনত এটা ধুনীয়া ট্ৰে ৰাখি সৰু-সুৰা সামগ্ৰীবোৰ পৰিপাটিকৈ সজাই থ’ব পাৰে।
৩। নিয়মীয়াকৈ ঘৰ মচিলেও বিচনাৰ কাষৰ অংশ, টেবুলৰ তলৰ অংশ আৰু কোঠাটোৰ চুক-কোণবোৰ প্ৰায়ে পৰিষ্কাৰ নোহোৱাকৈ থাকি যায়। সপ্তাহত এদিন আচবাববোৰ আঁতৰাই মজিয়াৰ প্ৰতিটো অংশ ভালদৰে পৰিষ্কাৰ কৰি লওক। লগতে, মকৰাজাল আৰু ধূলি-মাকতিবোৰো আঁতৰাই পেলাওক।
৪। শোৱনি কোঠাৰ টেবুলত ৰখা পানীৰ বটল আৰু গিলাচবোৰ বহু সময়ত নিয়মীয়াকৈ ধোৱা নহয়। সেইবোৰ ভালদৰে মাজি গৰম পানীৰে ধুই শুকুৱাই লৈ নিৰ্দিষ্ট ঠাইত সজাই থওক।
৫। প্ৰতিদিনে একেধৰণৰ কোঠা আৰু আচবাব চাই চাই আমনি লাগিব পাৰে। সেয়ে, দেৱালৰ সজ্জা বা ঘৰৰ ভিতৰৰ সজোৱা সামগ্ৰীবোৰ অলপ ইফাল-সিফাল কৰি চাব পাৰে। নতুন কিবা সামগ্ৰী যোগ কৰিব পাৰে অথবা পুৰণি সামগ্ৰীবোৰ আঁতৰাই থ’ব পাৰে। ইয়াৰ ফলত কোঠাটো কিছু বেলেগ ধৰণৰ আৰু নতুন যেন লাগিব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।