Saturday, 07 November 2026
লগইন
ব্ৰেকিং

বিমানবন্দৰ, তৈল প্ৰকল্পত আক্ৰমণ নকৰিলৈ হুথি বিদ্ৰেহীক ১ বিলিয়ন ডলাৰ দিলে চৌদি আৰৱে !

হুথি বিদ্ৰোহীলৈ ১ বিলিয়ন ডলাৰ চৌদি আৰৱৰ !

নিউজ ডেস্ক : ইজৰাইলী সংবাদ মাধ্যমে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, চৌদি আৰৱে যুদ্ধবিৰতি নিশ্চিত কৰা আৰু দেশখনৰ ওপৰত চলোৱা আক্ৰমণ বন্ধ কৰাৰ উদ্দেশ্যে য়েমেনৰ হুথিক ১ বিলিয়ন ডলাৰ অনুদান আগবঢ়োৱা বুলি জানিব পৰা গৈছে । প্ৰতিবেদন অনুসৰি, হুথিসকলৰ সৈতে হ’বলগীয়া সম্ভাব্য যুদ্ধবিৰতিৰ আলোচনাত মিলিত হ’বলৈ চৌদি আৰৱৰ প্ৰতিৰক্ষা মন্ত্ৰী প্ৰিন্স খালিদ বিন চলমান তেহৰানলৈ ৰাওনা হৈছিল । এই প্ৰস্তাৱিত ব্যৱস্থাটোৰ অধীনত ইৰানৰ জৰিয়তে হুটি গোষ্ঠীক ১ বিলিয়ন ডলাৰ হস্তান্তৰ কৰাৰ কথা আছিল ।

সূত্ৰই দাবী কৰা মতে, চৌদি মন্ত্ৰীগৰাকীয়ে যিখন ‘হাৰকিউলিছ’ সামৰিক পৰিবহন বিমানযোগে তেহৰানত উপস্থিত হৈছিল, সেই বিমানখনতে তেওঁ এই ধনখিনিও লগত লৈ গৈছিল। অৱশ্যে কোনো ধন হস্তান্তৰ কৰাৰ কথা এজন চৌদি বিষয়াই নিশ্চিত কৰা নাই বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

এই আলোচনাত ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশ্কিয়ান (Masoud Pezeshkian), ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব প্ৰধান মহচেন ৰেজাই (Mohsen Rezaei) আৰু ইৰানৰ ইছলামিক ৰিভলুশ্যনেৰী গাৰ্ড কৰ্পছ (IRGC)-ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে তুৰস্কৰ চোৰাংচোৱা মুৰব্বী ইব্ৰাহিম কালিন (Ibrahim Kalin) আৰু পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ (Asim Munir)-ও একত্ৰিত হৈছিল বুলি জানিব পৰা গৈছে ।

প্ৰতিবেদন অনুসৰি, চৌদি আৰৱৰ বিমানকোঠ আৰু তৈল প্ৰকল্পসমূহৰ ওপৰত হুথিসকলৰ ক্ৰমবৰ্ধমান আক্ৰমণে দেশখনৰ অৰ্থনৈতিক ক্ষতি সাধন কৰাৰ পৰিপ্ৰেক্ষিতত, ইৰানে চৌদি আৰৱ আৰু হুথিসকলৰ মাজত মধ্যস্থতা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল । হৰমুজ প্ৰণালীত ইৰানে তেলবাহী জাহাজৰ ওপৰত চলোৱা আক্ৰমণৰ ফলেও উপসাগৰীয় অঞ্চলৰ পৰা খাৰুৱা তেল ৰপ্তানি ব্যাহত হৈ পৰিছে, যাৰ বাবে আঞ্চলিক অস্থিৰতা বৃদ্ধি পাইছে ।

চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই ভ্ৰমণ সন্দৰ্ভত এক চৰকাৰী বিবৃতিত কয়, “প্ৰতিৰক্ষা মন্ত্ৰী প্ৰিন্স খালিদ বিন চলমান আৰু ‘মক্কা যৌথ প্ৰতিৰক্ষা মিত্ৰজোঁট’ৰ সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিসকলৰ তেহৰান ভ্ৰমণ হৈছে বৰ্তমানৰ সংকটকালত পক্ষসমূহৰ মাজত উত্তেজনা হ্ৰাস কৰা, আলোচনা তথা কূটনৈতিক সমাধানক উদগনি দিয়া আৰু কাটাৰ তথা পাকিস্তানৰ দ্বাৰা চলি থকা মধ্যস্থতাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ বাবে এই ‘ন্যাটো আৰ্হিৰ’ মিত্ৰজোঁটৰ ধাৰাবাহিক প্ৰচেষ্টাৰ এটা অংশ ।”
##SaudiArabia #Houthis #Iran #breakingnews #SaudiArabiaWar #Houthiswar

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।