Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ফিলিপাইনছৰ মাজ আকাশত দাউ দাউকৈ জ্বলি উঠিল দুখনকৈ বিমান

দুৰ্ঘটনাগ্ৰস্ত দুখন বিমান

নিউজ ডেস্ক: ফিলিপাইনছৰ মাজ আকাশত দাউ দাউকৈ জ্বলি উঠিল দুখনকৈ বিমান ৷ জানিব পৰা মতে শুক্ৰবাৰে ফাৰ্নাণ্ডো এয়াৰ বেছত প্ৰশিক্ষণৰ বাবে উৰণৰ সময়ত দুখন এছএফ-২৬০ (SF-260) বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ যাৰ ফলত ফিলিপাইনছ বায়ু সেনাৰ চাৰিজনকৈ পাইলটৰ মৃত্যু হৈছে ৷

 ফিলিপাইন বায়ু সেনাই এক্স যোগে কয় যে, "২৩ অক্টোবৰৰ আবেলি ৩.৫১ বজাত ফাৰ্নাণ্ডো এয়াৰ বেছত প্ৰশিক্ষণৰ বাবে উৰণৰ সময়ত দুখন এছএফ-২৬০ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাত চাৰিজন পাইলটৰ মৃত্যু হৈছে ৷" পিএএফৰ মতে, দুয়োখন বিমান এয়াৰ বেছৰ পৰিসীমাৰ ভিতৰতে ভাঙি পৰে আৰু ইয়াত আন কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই।

ফিলিপাইন বায়ু সেনাই জনাইছে যে, দুৰ্ঘটনাৰ কাৰণ জানিবলৈ বৰ্তমান তদন্ত চলি আছে । সতৰ্কতামূলক সুৰক্ষা ব্যৱস্থা হিচাপে সকলো এছএফ-২৬০ বিমানৰ উৰণ সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । পিএএফয়ে শ্বহীদ পাইলটৰ সেৱা আৰু ত্যাগক সন্মান জনায় আৰু শোকাকুল পৰিয়ালক প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ'ব ৷"
##bigupdate #newsupdate #airforceflight #philipine #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।