Sunday, 08 November 2026
লগইন
ব্ৰেকিং

T-20 ত শতৰান কৰি ইতিহাসৰ পাতত নাম সন্নিবিষ্ট কৰিলে ৰাজাই

৪০ বছৰ বয়সত বিশ্বৰেকৰ্ড!

নিউজ ডেস্ক : ইতিহাসৰ পাতত নাম লিখাবলৈ সক্ষম হ’ল ছিকান্দাৰ ৰাজাই। আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয় টি-২০ মেচত শতৰান কৰি ৰাজাই কৃতিত্ব গঢ়িলে। ৫৬টা বলত ১০৬ ৰান কৰে ৰাজাই। তেওঁৰ ইনিংছত আছিল পাঁচটা চাৰি আৰু নটা ছয়। তেওঁৰ এই প্ৰচেষ্টা সত্ত্বেও জয়ী হ’ব নোৱাৰিলে জিম্বাবোৱে। আফগানিস্তানৰ হাতত ১৯ ৰানত পৰাস্ত হৈ তেওঁলোকে শৃংখলাও হেৰুৱালে ।

জিম্বাব’ৱেৰ প্ৰথম বেটাৰ হিচাপে টি-২০ত দুটা শতৰান কৰিলে ৰাজাই। অৱশ্যে তেওঁ আন এক ক্ষেত্ৰত ইতিহাস গঢ়ে। আইচিচিৰ পূৰ্ণ সদস্য দেশসমূহৰ মাজত ইমান বেছি বয়সত টি-২০ত শতৰান কৰাৰ নজিৰ আন কাৰোৰে নাই। ৰাজাই ৪০ বছৰ ১৮৮ দিন বয়সত এই কৃতিত্ব অৰ্জন কৰে। তেওঁ স্বদেশী সতীৰ্থ ব্ৰেণ্ডন টেইলৰৰ ৰেকৰ্ড ভংগ কৰে। বিগত বছৰ জিম্বাব’ৱেৰ টেইলৰে ৩৯ বছৰ ২৩৪ দিন বয়সত বটছৱানাৰ বিৰুদ্ধে শতৰান কৰিছিল।

তথ্য অনুসৰি, ইয়াৰ পূৰ্বে এই নজিৰৰ অধিকাৰী আছিল ৰোহিত শৰ্মা। তেওঁ ২০২৪ চনত ৩৬ বছৰ ২৬২ দিন বয়সত আফগানিস্তানৰ বিৰুদ্ধে শতৰান কৰিছিল। পূৰ্ণ সদস্য দেশৰ ক্ৰিকেটাৰ হিচাপে সকলোতকৈ আগতে এই নজিৰ গঢ়িছিল দক্ষিণ আফ্ৰিকাৰ মৰ্নে ভান উইকে। তেওঁ ২০১৫ চনত ৩৫ বছৰ ৩০০ দিন বয়সত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শতৰান কৰিছিল।

উল্লেখ্য যে, আফগানিস্তানৰ ৰান তাড়া কৰিবলৈ নামি ৮২ ৰানতে ৫টা উইকেট হেৰুৱাই বিপদত পৰিছিল জিম্বাব’ৱে। সেই সময়ত সংগ্ৰাম আৰম্ভ কৰে ৰাজাই। অভিষেককাৰী তাফাজোৱা ছিগাৰ সৈতে যুটি বান্ধি ষষ্ঠ উইকেটত ১২০ ৰান যোগ কৰে। ছিগাই ২৩টা বলত ৩১ ৰান কৰে। অৱশ্যে আফগানিস্তানৰ ৰানৰ লক্ষ্য স্পৰ্শ কৰিব নোৱাৰিলে জিম্বাব’ৱে।
##bigupdate #newsupdate #sportsnews #t20 #sikandarraja #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।