নিউজ ডেস্ক : পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেণত মানৱতাক ভূলুণ্ঠিত কৰা এক অতি জঘন্য আৰু হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে । এগৰাকী কিশোৰীক বিগত দুবছৰ ধৰি ধাৰাবাহিকভাৱে যৌন নিৰ্যাতন চলাই অহাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।
এই লোমহৰ্ষক ঘটনাটো পোহৰলৈ অহাৰ লগে লগে এতিয়া সমগ্ৰ পশ্চিম কাৰ্বি আংলং জিলাখনতে তীব্ৰ চাঞ্চল্য, ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি, ভুক্তভোগী কিশোৰীগৰাকীয়ে অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়ৰে পৰা এই পাশৱিক নিৰ্যাতনৰ বলি হৈ আহিছিল ।
নিৰ্যাতিতা কিশোৰীগৰাকীৰ পৰিয়ালটো আৰ্থিকভাৱে অতি দুৰ্বল আছিল। এই চৰম দৰিদ্ৰতা আৰু অসহায় অৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি পাষণ্ডই কিশোৰীগৰাকীৰ ওপৰত দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আছিল । দীৰ্ঘসময় ধৰি লোকচক্ষুৰ আঁৰত চলি থকা এই অমানৱীয় কাণ্ডৰ কথা শেহতীয়াকৈ ভুক্তভোগী কিশোৰীগৰাকীৰ আত্মীয়ই ৰাজহুৱাভাৱে ব্যক্ত কৰাৰ পাছতে সমগ্ৰ ঘটনাটোৰ প্ৰকৃত সত্য পোহৰলৈ আহে।
এগৰাকী স্কুলীয়া ছাত্ৰীৰ ওপৰত দুবছৰ ধৰি চলা এনে ঘৃণনীয় কাণ্ডৰ খবৰ বিয়পি পৰাৰ পাছতে জিলাখনৰ সচেতন মহল তথা সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমাজৰ বাবে কলংকস্বৰূপ এই ঘটনাটোক সকলোৱে একমুখে গৰিহণা দিছে।
ভুক্তভোগী নাবালিকাগৰাকীয়ে যাতে শীঘ্ৰেই ন্যায় লাভ কৰে তাৰ বাবে স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে আৰক্ষী আৰু প্ৰশাসনৰ ওচৰত অভিযুক্ত পাষণ্ডজনক শীঘ্ৰেই কৰায়ত্ত কৰি দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।