Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ভক্তৰ উপস্থিতিত মন্দিৰ ইটাৰে ভাঙি লণ্ডভণ্ড! ঘটনাক তীব্ৰ গৰিগণা ভক্তৰ

ক'ত সংঘটিত হৈছে এই ঘটনা?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহাইঅ’ৰ গ্ৰেটাৰ ক্লিভলেণ্ড অঞ্চলত অৱস্থিত এটা মন্দিৰত ইটাৰে আক্ৰমণ কৰি ধংসলীলা চলোৱা হৈছে, যাৰ ফলত মন্দিৰটো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে আৰু ইয়াৰ খিৰিকীবোৰ ভাঙি চূৰমাৰ হৈছে। 

তথ্য অনুসৰি, শ্ৰী স্বামীনৰায়ণ হিন্দু মন্দিৰ ৱড়তালধামৰ ভিতৰত পুৰোহিত আৰু একাংশ ভক্তৰ উপস্থিতিত শুক্ৰবাৰে বিয়লি এই ঘটনাটো সংঘটিত হয়। অৱশ্যে, ইয়াত কোনো লোক আহত হৈছে নে নাই সেই বিষয়ে একো তথ্য লাভ কৰা নাই।

মন্দিৰ কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰিচমণ্ড হাইটছৰ মেয়ৰ কিম থমাছ আৰু নগৰ কৰ্তৃপক্ষক এই ঘটনাটোক গৰিহণা দিবলৈ আহ্বান জনোৱাৰ লগতে ক্ষিপ্ৰ আৰক্ষী ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

"এটা 'X' পোষ্টত লিখা হৈছে, 'আমি মেয়ৰ কিম থমাছ আৰু @RichmondHtsOH-ক এনেধৰণৰ ধৰ্মান্ধতাৰ গৰিহণা দিবলৈ আৰু @PoliceRichmond-ক অপৰাধীজনৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছো।"

হিন্দু আমেৰিকান ফাউণ্ডেশ্যনে 'X'পোষ্ট যোগে উল্লেখ কৰে যে, "এই সম্ভাৱ্য ঘৃণাভিত্তিক অপৰাধ এনে এক সময়ত সংঘটিত হৈছে, যি সময়ত হিন্দু আমেৰিকান সম্প্ৰদায়ৰ প্ৰতি অভূতপূৰ্ব ঘৃণা আৰু কটু মন্তব্য প্ৰকাশ পাইছে।" প্ৰতিষ্ঠানটোৱে লগতে কয়, "আমি আমাৰ দেশৰ নিৰ্বাচিত নেতা আৰু চৰকাৰী সংস্থাসমূহক ভাৰতীয় তথা হিন্দু আমেৰিকান সম্প্ৰদায়ৰ বিৰুদ্ধে চলা ঘৃণামূলক ভাষণক ৰাজহুৱাভাৱে আৰু স্পষ্টভাৱে গৰিহণা দিবলৈ আহ্বান জনাইছো।"

হিন্দু আমেৰিকান ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালিকা সুহাগ শুক্লাইও এই ঘটনাৰ গৰিহণা দিয়াৰ লগতে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। 

"এইয়া এতিয়া বাস্তৱিক। অনলাইন ঘৃণা হিন্দু মন্দিৰৰ ওপৰত এক বাস্তৱ জগতৰ আক্ৰমণলৈ ৰূপান্তৰিত হৈছে। ভিডিঅ’টো পৰ্যালোচনা কৰক আৰু অপৰাধীক কৰায়ত্ত কৰক," কাৰ্যবাহী সঞ্চালিকাগৰাকীয়ে এইদৰে উল্লেখ কৰে।

উল্লেখ্য যে, ৰাজ্যখনৰ ভাৰতীয়-আমেৰিকান সমাজে ১০ দিনতকৈও কম সময়ৰ ভিতৰত নৱৰাত্ৰি উৎসৱৰ সৈতে হিন্দু ঐতিহ্য মাহ উদযাপনৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এই আক্ৰমণৰ ঘটনাটো সংঘটিত হৈছে।

তথ্য অনুসৰি, হিন্দু অধিবক্তা গোটটোৱে ইয়াৰ পূৰ্বেও আমেৰিকাত হিন্দু ধৰ্মীয় স্থানসমূহক লক্ষ্য কৰি চলোৱা আক্ৰমণ আৰু তাণ্ডৱৰ নথিভুক্ত কৰিছিল। ইয়াৰ ভিতৰত আছিল ২০২২ চনৰ আগষ্ট মাহত নিউয়ৰ্কৰ কুইন্সৰ শ্ৰী তুলসী মন্দিৰত মহাত্মা গান্ধীৰ মূৰ্তি ভাঙি কৰা তাণ্ডৱ আৰু ২০২৩ চনৰ ডিচেম্বৰ মাহত কেলিফৰ্ণিয়াৰ নেৱাৰ্কৰ এছ.এম.ভি.এছ. শ্ৰী স্বামীনাৰায়ণ মন্দিৰত কৰা দেৱাল চিত্ৰ । ইয়াৰ উপৰিও গোটটোৱে ২০২৪ চনত নিউয়ৰ্ক আৰু কেলিফৰ্ণিয়াৰ বি.এ.পি.এছ. মন্দিৰসমূহৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়েও প্ৰতিবেদনো দাখিল কৰিছিল।

আনহাতে, কেলিফৰ্ণিয়াৰ চিনো হিলচত অৱস্থিত BAPS মন্দিৰটোত ঘৃণামূলক বাৰ্তাৰে বিকৃত কৰা হৈছিল বুলি অধিকাৰ ৰক্ষা গোটটোৱে জানিবলৈ দিয়ে।
##bigupdate#newsupdate#latestupdate#america

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।