Saturday, 07 November 2026
লগইন

ইৰানৰ কিউইচম দ্বীপ, লেংগেহতো বন্দৰত মিছাইল আক্ৰমণ আমেৰিকাৰ

মাজ ৰাতি ইৰাণত ভয়ংকৰ আক্ৰমণ

নিউজ ডেস্ক : ইৰানত ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ । হৰমুজ প্ৰণালীৰ সমীপৱৰ্তী ইৰানৰ কিউইচম (Qeshm) দ্বীপত এই আক্ৰমণ চলাইছে আমেৰিকাই । ইৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, হৰমুজ প্ৰণালীৰ সমীপৱৰ্তী ইৰানৰ কিউইচম দ্বীপত পাঁচটা বিস্ফোৰণৰ শব্দ শুনা গৈছে । ইয়াৰ উপৰিও ওচৰৰে বন্দৰ চহৰ বন্দৰ লেংগেহতো বিস্ফোৰণ হোৱাৰ খবৰ পোৱা গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে তেহৰানৰ সৈতে এক চুক্তি সম্ভৱ হ'ব পাৰে বুলি ইংগিত দিয়াৰ কিছু সময়ৰ পিছতে এই বিস্ফোৰণসমূহ সংঘটিত হয়, যাৰ ফলত অঞ্চলটোৰ পৰিস্থিতিক লৈ অনিশ্চয়তা অধিক বৃদ্ধি পাইছে। আমেৰিকাৰ মধ্যৱৰ্তী  নিৰ্বাচনৰ ঠিক প্ৰাকমুহূৰ্তত এই ঘটনা সংঘটিত হৈছে ।

ইৰানৰ চৰকাৰী সংবাদ সংস্থা 'ইৰনা'ই (IRNA) কিউইচম দ্বীপত পাঁচটা বিস্ফোৰণৰ খবৰ দিছে আৰু লগতে জনাইছে যে স্থানীয় বাসিন্দাসকলে দ্বীপটোৰ ওপৰেৰে দুখন বিমান উৰি যোৱা প্ৰত্যক্ষ কৰিছে। অৱশ্যে, বিস্ফোৰণৰ প্ৰকৃত কাৰণ কি, তাক কৰ্তৃপক্ষই এতিয়ালৈকে নিশ্চিত কৰা নাই।

'এক্স'ত (X) শ্বেয়াৰ কৰা একাধিক ভিডিঅ'ত চাইৰেনৰ তীব্ৰ শব্দ আৰু তাৰ পিছতেই কিউইচম দ্বীপত বিকট বিস্ফোৰণৰ শব্দ শুনা গৈছে । ইৰানৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰ্পছে (IRGC) দাবী কৰা অনুসৰি, তেওঁলোকে উন্নত ইলেক্ট্ৰনিক ৱাৰফেয়াৰ চিষ্টেম ব্যৱহাৰ কৰি কিউইচম দ্বীপৰ দক্ষিণ অংশত আমেৰিকাৰ দুখন MQM-170 চোৰাংচোৱা ড্ৰোন ভূপতিত কৰিছে। এই ঘটনাৰ পিছতেই শেহতীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
আই.আৰ.জি.চি.-য়ে কয় যে এই শেহতীয়া ঘটনাটোক ধৰি ইৰানে জব্দ কৰা আমেৰিকান ড্ৰোনৰ সংখ্যা চাৰিখনলৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বেও তেওঁলোকে হৰমুজ প্ৰণালীৰ পূব দিশত এক উন্নত আকাশী প্ৰতিৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰি এখন MQ-9 ড্ৰোন গুলীয়াই নমোৱা বুলি দাবী কৰিছিল।
##bigupdate #newsupdate #internationalnews #terribleattack #iran #america #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।