Friday, 20 November 2026
লগইন

বতৰে দিলে বিধি পথালি। বৰষুণৰ বাবে বাতিল ভাৰত-নিউজিলেণ্ডৰ তৃতীয়খন এদিনীয়া

ভাৰত- নিউজিলেণ্ডৰ তৃতীয়খন ODI বাতিল

নিউজ ডেস্ক : যি আশংকা কৰা হৈছিল সেইয়াই সঁচা হ’ল। হ্যামিল্টনত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ডৰ তৃতীয়খন এদিনীয়া মেচ বৰষুণৰ বাবে বাতিল কৰা হ’ল। টছ হ’লেও খেলখন আৰম্ভ কৰিব পৰা নগ’ল। এটা সময়ৰ পিছত আম্পায়াৰসকলে খেলখন আৰু নহয় বাতিল বুলি ঘোষণা কৰে।

উল্লেখ্য যে, হেলমিণ্টনত ভৰি থোৱাৰ পিছৰে পৰাই বৰষুণ ভাৰতীয় দলৰ সংগী আছিল। বৰষুণৰ বাবে ভাৰতৰ অনুশীলনতো ব্যাঘাত জন্মে। মঙলবাৰে পুৱাৰ পৰাই তাত বৰষুণ দি আছিল। কোনোবা সময়ত বৰষুণ বন্ধ হ’লেও কিছু সময়ৰ পিছত আকৌ আৰম্ভ হৈছিল। ফলত পুৱাৰে পৰাই খেলপথাৰখন ঢাকি ৰখা হৈছিল।

মাজতে কিছু সময়ৰ বাবে বৰষুণ জাক কমাত টছ সম্পন্ন হয়। এই খেলখনতো ভাৰতীয় দলৰ অধিনায়ক শুভমন গিলে টছত জয়লাভ কৰে। তেওঁ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। কিন্তু টছ শেষ হ’বলৈ নৌপাওতেই পুনৰ বৰষুণ আৰম্ভ হৈ যায়।

বৰষুণ জাক কমাৰ পিছত আম্পায়াৰসকলে বাৰে বাৰে খেলপথাৰখন পৰীক্ষা কৰি আছিল। খেল আৰম্ভ হোৱাৰ সময়ো বাৰে বাৰে পিছুৱাই গৈ আছিল। অভাৰো কমিবলৈ ধৰিছিল। কিন্তু কিছু সময়ৰ পিছত পুনৰ জোৰেৰে বৰষুণ আৰম্ভ হয়। আম্পায়াৰসকলে বুজি পাইছিল যে ২০ অভাৰৰ খেলখন অনুষ্ঠিত কৰাৰ বাবেও পৰ্যাপ্ত সময় পোৱা নাযাব। সেইবাবে তেওঁলোকে মেচখন বাতিল কৰে।

ভাৰত এদিনীয়া শৃংখলাত বৰ্তমান ২-০ ব্যৱধানত আগবাঢ়ি আছে। এই খেলখন বাতিল হোৱাৰ ফলত এতিয়া আৰু মাত্ৰ দুখন খেল বাকী ৰ’ল। নিউজিলেণ্ডে সেই দুয়োখন খেলত জয়লাভ কৰিলেও শৃংখলাটোৰ ফলাফল ২-২ হ’ব। অৰ্থাৎ, ভাৰতে এই শৃংখলাত আৰু পৰাজয় বৰণ নকৰে। ইয়াৰ পূৰ্বে গৌতম গম্ভীৰৰ দলটোৱে টি-২০ শৃংখলাটোও জয় কৰিছে। অৰ্থাৎ, নিজৰ মাটিত বগা বলৰ দুয়োটা ফৰ্মেটতে নিউজিলেণ্ডে ভাৰতক হৰুৱাব নোৱাৰিলে।
##bigupdate #newsupdate #sportsnews #indiavsnewzealand #odimatch #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।