Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ভাৰতীয় পাইলট স্মীত মচ্ছৰলৈ UAE ৰ সৰ্বোচ্চ সন্মান

‘ফাৰ্ষ্ট ক্লাছ অৰ্ডাৰ অৱ জায়েদ টু’ সন্মান

নিউজ ডেস্ক: ভাৰতীয় পাইলট স্মীত মচ্ছৰক সন্মানিত কৰিলে UAE য়ে । ফ্লাই ডুবাই ঘটনাত প্ৰদৰ্শন কৰা সাহসিকতাৰ বাবে মচ্ছৰক এই সন্মান প্ৰদান কৰা হৈছে। তেওঁক ‘ফাৰ্ষ্ট ক্লাছ অৰ্ডাৰ অৱ জায়েদ টু’ সন্মানেৰে বিভূষিত কৰা হৈছে। পাইলট মচ্ছৰৰ হাতত এই সন্মান তুলি দিয়ে UAE ৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে।

ফ্লাই ডুবাইৰ ঘটনাত কেপ্টেন স্মীতৰ সাহসিকতা সমগ্ৰ বিশ্বতে প্ৰশংসিত হৈছে । ইজৰাইলে ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোকেও কেপ্টেন স্মীতক সন্মানিত কৰিব বিচাৰে। স্মীতৰ সাহসিকতাক অভিনন্দন জনাইছিল আৰু এইবাৰ তেওঁক আনুষ্ঠানিকভাৱে সন্মানিত কৰিলে।
উল্লেখ্য যে, যোৱা ৩০ ছেপ্টেম্বৰত ফ্লাই ডুবাইৰ FZ 1073 বিমানখন ডুবাইৰ পৰা তেল আবিভলৈ গৈ আছিল । উৰণৰ পিছত প্ৰায় আঢ়ৈ ঘণ্টা সকলো ঠিকেই আছিল। কিন্তু বিমানখন যেতিয়া ৩৪ হাজাৰ ফুট উচ্চতাত আছিল, তেতিয়াই ককপিটৰ ভিতৰত পাইলট স্মিত মচ্ছৰক সহ-পাইলটে ছুৰীৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হয়। কেৱল সেয়াই নহয়, সহ-পাইলটজনে বিমানখন তললৈ পেলাই দিয়াৰো চেষ্টা চলায়। বিমানখনত তেতিয়া ক্ৰু মেম্বৰসহ মুঠ ১৮০ জন যাত্ৰী আছিল ।
স্মীতক চোকা অস্ত্ৰৰে মূৰত আৰু পেটত আঘাত কৰা হৈছিল। ৰক্তাক্ত অৱস্থাতো তেওঁ নিজৰ শেষ শক্তি প্ৰয়োগ কৰি সহ-পাইলটজনক বাধা দি যুদ্ধ চলাই গৈছিল। কোনোমতে ককপিটৰ দুৱাৰখন খুলি দিবলৈ সক্ষম হয় স্মিত। তেওঁক ৰক্তাক্ত অৱস্থাত দেখি যাত্ৰীসকল হতভম্ব হৈ পৰে। সেই সময়তে একাংশ যাত্ৰীয়ে ককপিটৰ ভিতৰত সোমাই সহ-পাইলটজনক কৰায়ত্ত কৰে আৰু টানি বাহিৰলৈ উলিয়াই আনে।

ককপিটত দুই পাইলটৰ মাজত হোৱা সংঘৰ্ষৰ বাবে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল আৰু ৩৪ হাজাৰ ফুট উচ্চতাৰ পৰা ক্ষিপ্ৰতাৰে তললৈ নামিবলৈ আৰম্ভ কৰিছিল। মাত্ৰ দুমিনিটৰ ভিতৰতে বিমানখন ১৭ হাজাৰ ফুটলৈ নামি আহে। তেতিয়ালৈকে যাত্ৰীসকলে বুজি পাইছিল যে কিবা ডাঙৰ বিপদ ঘটিছে। বিমানখন অতি দ্ৰুতগতিত তললৈ নামি গৈ আছিল। সেই সংকটপূৰ্ণ সময়ত বিমানখনৰ যাত্ৰীৰ আসনত বহি থকা আন দুজন পাইলটে বিমানখন চৌদি আৰৱৰ তাবুক বিমান বন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰায়।

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।