নিউজ ডেস্ক : ঢাকাৰ চেনেগালত অনুষ্ঠিত যুৱ অলিম্পিকত পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ তীৰ্থাংক পেগুৰ । যুৱ অলিম্পিক ক্ৰীড়াত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় পুৰুষ সাঁতোৰবিদ হিচাপে ইতিহাস ৰচনা কৰিলে তীৰ্থাংক পেগুৱে ।
১৭ বছৰীয়া সাঁতোৰবিদগৰাকীয়ে ফাইনেলত ২.০১.২৫ ছেকেণ্ড সময় লৈ লক্ষ্যত উপনীত হয় । ইয়াৰ লগে লগে ভাৰতীয় সাঁতোৰবিদ বাবে এক ঐতিহাসিক সফলতা কঢ়িয়াই আনে । মেচখনত ইজিপ্টৰ জাইন আলীয়ে ১.৫৭.৮৮ সময় লৈ স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে ভিয়েটনামৰ দুওং ভান হোয়াং কুইয়ে ২.০০.৩২ ছেকেণ্ডত সমাপ্ত কৰি ৰূপৰ পদক লাভ কৰে ।
যুৱ সাঁতোৰবিদগৰাকীক অভিনন্দন জনাই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সাফল্যক ৰাজ্যখনৰ বাবে এক অপৰিসীম গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰে আৰু কয় যে পেগুৱে বিশ্ব মঞ্চত দেশৰ নাম উজলাই তুলিছে । কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াইও পেগুক অভিনন্দন জনায় আৰু ভাৰতৰ ক্ৰমবৰ্ধমান ক্ৰীড়া সাফল্যত উত্তৰ-পূবৰ অৱদানৰ কথা উল্লেখ কৰে।
যোৰহাটৰ ৰামকৃষ্ণৰ বাসিন্দা পেগুৱে পাঁচ বছৰ বয়সৰ পৰাই সাঁতুৰ আৰম্ভ কৰিছিল আৰু তেওঁ এজন জুনিয়ৰ ৰাষ্ট্ৰীয় ৰেকৰ্ডধাৰী। ইয়াৰ পূৰ্বে তেওঁ ২০২৫ চনত বাহৰেইনত অনুষ্ঠিত এছিয়ান যুৱ ক্ৰীড়াত ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰিছিল। বিশেষভাৱে উল্লেখনীয় যে, ২০১০ চনত ছিংগাপুৰত অনুষ্ঠিত প্ৰথম সংস্কৰণৰ যুৱ অলিম্পিক ক্ৰীড়াত ৰূপৰ পদক অৰ্জন কৰি বক্সাৰ শিৱ থাপা যুৱ অলিম্পিক ক্ৰীড়াত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ আছিল ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।