Monday, 09 November 2026
লগইন

পৰাজিত হৈও ৰচিলে ইতিহাস! চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰত উপনীত ইষ্টবেংগলৰ মহিলা দল

ইতিহাস ৰচিলে মহিলাই!

নিউজ ডেস্ক : শনিবাৰে মেৰিনা এৰিনাত ইষ্টবেংগলৰ পুৰুষ দলটোৱে ISLত চেন্নাইয়িনৰ বিৰুদ্ধে খেলিবলৈ নমাৰ ঠিক আধা ঘণ্টাৰ পাছতে কিশোৰভাৰতী ষ্টেডিয়ামত মহিলা দলটোও খেলপথাৰত নামে। চেম্পিয়নছ লীগৰ গ্ৰুপ পৰ্যায়ত মহিলা দলটোৰ প্ৰতিদ্বন্দ্বী আছিল উত্তৰ কোৰিয়াৰ ৪.২৫ এছ চি। পুৰুষ দলটোৰ দৰেই মহিলা দলটোও পৰাস্ত হ’ল। কিন্তু ফাজিলা ইকুৱাপুটহঁতে মূৰ তল কৰি উভতিবলগীয়া নহ’ল। বৰঞ্চ গৌৰৱেৰেহে খেলপথাৰ এৰিলে ইষ্টবেংগলৰ মহিলা দলটোৱে। ভাৰতৰ প্ৰথমটো ক্লাব হিচাপে তেওঁলোকে চেম্পিয়নছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে। সেইদিনা ইষ্টবেংগল ০-২ গ’লত পৰাস্ত হয়। গ’ল দুটা দিয়ে হান জিন-হং আৰু ওল ছল-ছঙে।

তথ্য অনুসৰি, শনিবাৰে ফাজিলাহঁতৰ বাবে এখন ড্ৰ’ৰ প্ৰয়োজন আছিল। হাৰিলে অংকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হ’লহেঁতেন। কেনেকুৱা অংক? ভিয়েটনামৰ হো চি মিন চিটিক ২-১ গ’লত পৰাস্ত কৰি যাত্ৰা আৰম্ভ কৰিছিল ফাজিলাহঁতে। দ্বিতীয়খন মেচত তেওঁলোক হোৱাচিয়ন এফ চিৰ বিৰুদ্ধে পৰাজিত হয়। দুখন মেচৰ পৰা তিনি পইণ্ট অৰ্জন কৰি ‘ডি’ গ্ৰুপৰ তৃতীয় স্থানত আছিল ইষ্টবেংগল। গ’লৰ পাৰ্থক্য আছিল -২। শনিবাৰে পৰাজিত হোৱাৰ ফলত তিনি পইণ্টতেই আবদ্ধ থাকিল ইষ্টবেংগল। অৱশ্যে ৰঙা-হালধীয়া দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ আঁৰত ‘এ’ গ্ৰুপত থকা ম্যানমাৰৰ আয়েয়াৱাডি দলটোৰ অৱদান আছে।

মহিলা AFC চেম্পিয়নছ লীগৰ নিয়ম অনুসৰি, তিনিওটা গ্ৰুপৰ চেম্পিয়ন আৰু ৰানাৰ্ছ-আপ দলৰ লগতে তৃতীয় স্থানত থকা দলসমূহৰ ভিতৰত শ্ৰেষ্ঠ দুটা দলে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব। সেইদিনা ইষ্টবেংগলৰ খেলখনৰ পূৰ্বে বাম খাতুনৰ সৈতে ম্যানমাৰৰ আয়েয়াৱাডী এফ চিৰ খেল আছিল। কিন্তু বাম খাতুন পৰাজিত হৈ ইষ্টবেংগলৰ বাবে সুবিধা কৰি দিয়ে।

শেহতীয়াকৈ আয়েয়াৱাডিয়ে ৩-০ গ’লত জিকি তিনি পইণ্ট লাভ কৰিলেও তেওঁলোকৰ গ’লৰ ব্যৱধান –৬। তেওঁলোকেও নিজৰ গ্ৰুপত তৃতীয় স্থানত থাকি শ্ৰেষ্ঠ দুটা তৃতীয় স্থানপ্ৰাপ্ত দল হিচাপে কোৱাৰ্টাৰ ফাইনেললৈ যোৱাৰ দৌৰত আছিল। ইষ্টবেংগলেও নিজৰ গ্ৰুপত তৃতীয় স্থান লাভ কৰিছে। কিন্তু গ’লৰ ব্যৱধান (-৪) ভাল হোৱাৰ বাবে দ্বিতীয়টো তৃতীয় স্থানপ্ৰাপ্ত দল হিচাপে তেওঁলোকে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। তৃতীয় স্থানপ্ৰাপ্ত আনটো দল হিচাপে কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে উজবেকিস্তানৰ দল এফ চি নাছাফ।
##bigupdate #newsupdate #sportsnews #eastbengalwomen’steam #championsleague #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।