Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ট্ৰাম্পৰ নতুন বিপদ, ট্ৰাম্পৰ বিৰুদ্ধে নতুনকৈ ধৰ্ষণৰ অভিযোগ

যুৱতীক ধৰ্ষণৰ অভিযোগৰ আঙুলি ট্ৰাম্পৰ

নিউজ ডেস্ক: আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে নতুনকৈ ধৰ্ষণৰ অভিযোগৰ তথ্য প্ৰকাশ কৰিছে আমেৰিকান কংগ্ৰেছৰ হাউচ অৱ ৰিপ্ৰেজেণ্টেটিবছৰ ডেম’ক্ৰেট সদস্যসকলৰ এটা দলে । ১৯৯৩ চনৰ এটা ধৰ্ষণৰ অভিযোগত ট্ৰাম্পৰ নাম নতুনকৈ সাঙুৰ খাই পৰিছে।

অপৰাধী জেফ্ৰী এপষ্টিনৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক পৰীক্ষা কৰিবলৈ তৈয়াৰ কৰা এটা প্ৰতিবেদনত এই অভিযোগৰ উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি, এপষ্টিনৰ সহযোগীসকলৰ ভূমিকাৰ ওপৰত এক তদন্তৰ দাবী জনোৱা হৈছে। প্ৰতিবেদনখনত ন্যায় বিভাগৰ বিৰুদ্ধে প্ৰমাণ লুকুওৱাৰ অভিযোগো উত্থাপন কৰা হৈছে ।
প্ৰতিবেদনখনত উল্লেখ কৰা এটা অভিযোগ কৰিছে বিয়াত্ৰিচ কিউলে (Beatrice Keul)। তেওঁ এগৰাকী মডেল আৰু প্ৰাক্তন মিছ চুইজাৰলেণ্ড । কংগ্ৰেছৰ কৰ্মচাৰীসকলৰ ওচৰত কিউলে দাবী কৰিছে যে ১৯৯৩ চনৰ নৱেম্বৰ মাহত নিউয়ৰ্কৰ প্লাজা হোটেলৰ এটা চুইটত ট্ৰাম্পে তেওঁক ধৰ্ষণ কৰিছিল । সেই সময়ত তেওঁৰ বয়স আছিল ২৪ বছৰ।

প্ৰতিবেদনখন সংবাদ মাধ্যম TIME-এ পৰ্যালোচনা কৰিছে। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি, কিউলে জনাইছে যে ট্ৰাম্পৰ সৈতে জড়িত এক প্ৰতিযোগিতা ‘আমেৰিকান ড্ৰিম পেজেণ্ট’-ৰ এক মধ্যাহ্নভোজনৰ অনুষ্ঠানত তেওঁৰ ট্ৰাম্পৰ সৈতে পৰিচয় হৈছিল। কিউলৰ দাবী, ট্ৰাম্পে তেওঁৰ সহযোগী পাওলো জাম্পোলিৰ জৰিয়তে আমেৰিকান ভিছাৰ ব্যৱস্থা কৰি দিয়া আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়ত (NYU) নামভৰ্তিৰ সুযোগ কৰি দিয়াৰ প্ৰস্তাৱ দিছিল।

কিউলে লগতে জনাইছে যে সেই অনুষ্ঠানত তেওঁৰ এপষ্টিনৰ সৈতেও কথা হৈছিল। তেওঁৰ বক্তব্য অনুসৰি, এপষ্টিনে তেওঁক কৈছিল যে ডন (ট্ৰাম্প)-ৰ সৈতে তেওঁ ‘বহুতো পাৰ্টি’ৰ আয়োজন কৰিছে।
কিউলৰ অভিযোগ, সেইদিনাই পিছলৈ ট্ৰাম্পে তেওঁক এটা হোটেল চুইটলৈ আমন্ত্ৰণ জনায়। তাত ট্ৰাম্পে তেওঁক ধৰ্ষণ কৰা বুলি তেওঁ দাবী কৰিছে।
##bigupdate #newsupdate #internationalnews #donaldtrump #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।