Friday, 06 November 2026
লগইন
ব্ৰেকিং

ইৰানৰ বিৰুদ্ধে আক্ৰমণ কৰিব নে নকৰে তাক লৈ চিন্তাত ট্ৰাম্প-নেতান্যাহু!

ধৰ্মসংকটত ট্ৰাম্প-নেতান্যাহু!

নিউজ ডেস্ক: এটা আন্তঃৰাষ্ট্ৰীয় তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ নিৰ্বাচন সমাপ্ত হোৱাৰ পূৰ্বেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইৰানৰ বিৰুদ্ধে এক নতুন বৃহৎ সামৰিক অভিযান আৰম্ভ কৰাৰ সম্ভাৱনাৰ সন্দৰ্ভত আলোচনা কৰিছে। বিগত সপ্তাহত আমেৰিকাৰ নেতাগৰাকীৰ সৈতে হোৱা এটা টেলিফোনিক বাৰ্তালাপত, নেতান্যাহুৱে তেহৰানৰ পাৰমাণৱিক অস্ত্ৰৰ প্ৰচেষ্টাক লৈ ইজৰাইলৰ আন এক "উদ্বেগজনক" চোৰাংচোৱা প্ৰতিবেদন দাঙি ধৰে। ইয়াৰ মূল উদ্দেশ্য আছিল ট্ৰাম্পক প্ৰথম অগ্ৰাধিকাৰ হিচাপে ইৰানৰ ওপৰত পুনৰ বোমা বৰ্ষণ বা আক্ৰমণ কৰিবলৈ মান্তি কৰোৱা।

প্ৰাৰম্ভিক সামৰিক অভিযানৰ পোষকতা কৰি বেনজ্যামিন নেতান্যাহুৱে ড’নাল্ড ট্ৰাম্পক জনায় যে, ইৰানে ইয়াৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰ সক্ৰিয় কৰিবলৈ উদ্বেগজনক পদক্ষেপ গ্ৰহণ কৰাক লৈ তেওঁ চিন্তিত। সূত্ৰৰ খবৰ অনুসৰি, ইৰানে ইউৰেনিয়াম সমৃদ্ধকৰণ কেন্দ্ৰ হিচাপে 'পিকেক্স মাউণ্টেইন'ব্যৱহাৰ কৰিব পৰা সম্ভাৱনাক লৈ ইজৰাইল বিশেষভাৱে চিন্তিত।

উল্লেখ্য যে, ইৰানে নিজৰ পাৰমাণৱিক কাৰ্যসূচীৰ বিভিন্ন অংশসমূহ পুনৰ গঠন কৰিবলৈ লৈছে বুলি ইজৰাইলে কৰা বিশ্বাসৰ সন্দৰ্ভত নেতান্যাহুৱে উদ্বেগ প্ৰকাশ কৰে।

ইউৰেনিয়াম সমৃদ্ধকৰণ কেন্দ্ৰ হিচাপে ইৰানে সম্ভাৱ্যভাৱে পিকেক্স মাউণ্টেইন পৰিচালনা কৰাক লৈ ইজৰাইল বিশেষভাৱে চিন্তিত হৈ পৰিছে।

ইৰাণৰ বিৰুদ্ধে যুদ্ধক তীব্ৰভাৱে সমৰ্থন পিট হেগচেথেৰ

খবৰ অনুসৰি আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগচেথ আৰু ইউএছ চেন্ট্ৰেল কমাণ্ডৰ নেতৃত্বয়ো ইজৰাইলৰ এই ধাৰণা বা প্ৰস্তাৱক সমৰ্থন কৰিছিল, কিন্তু ট্ৰাম্পৰ বেছিভাগ উপদেষ্টাই বৰ্তমানৰ বাবে অৰ্থনৈতিক নিষেধাজ্ঞা আৰু অন্যান্য ধৰণৰ চাপ বাহাল ৰখাৰ পক্ষত আছে।

প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, ট্ৰাম্পে প্ৰথমতে আক্ৰমণ পুনৰ আৰম্ভ কৰাৰ দিশে আগবাঢ়িছিল যদিও তেওঁৰ দলৰ সৈতে আলোচনা কৰাৰ পিছত তেওঁ দ্বিধাবোধ কৰিছিল।

ড'নাল্ড ট্ৰাম্পে পিছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, তেওঁ মধ্যৱৰ্তী নিৰ্বাচনৰ আগতে ইৰাণত আক্ৰমণ নকৰে।

যুদ্ধৰ পৰা কোনে লাভৱান হয়

ইৰানত পুনৰ বৃহৎ পৰিসৰৰ সামৰিক অভিযান আৰম্ভ হ'লে, ই এক নতুন অস্থিৰ ইছ্যুৰ সৃষ্টি কৰিব যিয়ে ২৭ অক্টোবৰৰ ইজৰাইলৰ নিৰ্বাচনত নেতান্যাহুৰ সপক্ষে কাম কৰিব। ইজৰাইল ডিফেন্স ফৰ্চৰ (IDF) চীফ অব্ ষ্টাফ লেফটেনেণ্ট জেনেৰেল ইয়াল জামিৰৰ মতে, সেই সময়ছোৱাত পুনৰ যুদ্ধ আৰম্ভ হ'লে ইজৰাইলৰ নিৰ্বাচন স্থগিত ৰাখিবলগীয়া হ'ব পাৰে, কিয়নো ইয়াৰ প্ৰত্যুত্তৰত ইৰানে সম্ভাৱ্য প্ৰতিশোধমূলক আক্ৰমণ চলাব পাৰে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে।

জামিৰ

 ইয়াৰ ফলত কিন্তু এসপ্তাহৰ পিছত ৩ নৱেম্বৰত হ’বলগীয়া আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ সম্ভাৱনীয়তা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে, কিয়নো ই ভোটাৰসকলক সেই অপ্ৰিয় সংঘাতৰ কথা মনত পেলাই দিব পাৰে আৰু গেছ তথা ইন্ধনৰ মূল্য আৰু অধিক বৃদ্ধি কৰিব পাৰে।

সামৰিক সতৰ্কতা

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ সূত্ৰসমূহে জনায় যে, দুই নেতাৰ মাজত মতানৈক্য থকা সত্ত্বেও, আমেৰিকা আৰু ইজৰাইল দুয়োখন দেশৰে সামৰিক বাহিনী সতৰ্ক অৱস্থাত আছে আৰু ট্ৰাম্পে তেওঁৰ সিদ্ধান্ত সলনি কৰিলে যাতে তৎক্ষণাত সাজু হ’ব পৰা যায়, তাৰ বাবে প্ৰস্তুতি চূড়ান্ত কৰি তুলা হৈছে।

এগৰাকী আমেৰিকান বিষয়াই কয়,"নেত্যন্যাহুয়ে যেন আকৌ এবাৰ সোমাব বিচাৰিছে। তেওঁ এই বিষয়ে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে দুবাৰমান কথাও পাতিছে, আৰু ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে, 'বাৰু, তুমি জানা নহয় বিবি, তুমি আগবাঢ়া আৰু প্ৰস্তুত হোৱা।' কিন্তু ইয়াত আচলতে কোনো ধৰণৰ প্ৰতিশ্ৰুতি নাই। 'আগবাঢ়া আৰু প্ৰস্তুত হোৱা'ৰ অৰ্থ হয়তো এতিয়া হ’ব পাৰে, হয়তো পাছত হ’ব পাৰে, বা হয়তো কেতিয়াও নহ’বও পাৰে।"

ইফালে হোৱাইট হাউছে এই প্ৰতিবেদন খাৰিজ কৰিছে আৰু এজন বিষয়াই দাবী কৰে যে, ট্ৰাম্প আৰু নেতানিয়াহুৱে যুদ্ধ পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আলোচনা কৰা বুলি ওলোৱা খবৰটো 'মিছা'।

"ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, মধ্যৱৰ্তীকালীন নিৰ্বাচনৰ পূৰ্বে আমি কোনো সময়তে ইৰাণক আক্ৰমণ নকৰো" বুলি কয় বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে।
##bigupdate #newsupdate #internationalnews #donaldtrump #benjaminnetanyahu #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।