Saturday, 07 November 2026
লগইন
ব্ৰেকিং

পূৰ্বতকৈ অধিক ভয়ংকৰ ৰূপত ইৰাণত আক্ৰমণ কৰিব আমেৰিকাই !

ট্ৰাম্পৰ ভাবুকি !

নিউজ ডেস্ক: যদিহে ইৰানৰ সৈতে চুক্তি নহ’লে পুনৰ সামৰিক অভিযান চলোৱ হ’ব । শুকুৰবাৰে ফ্ল’ৰিডাত অনুষ্ঠিত এখন জনসভাৰ পৰা এনে ইংগিত দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে । উল্লেখ্য যে, তেওঁৰ এই মন্তব্যৰ কেইঘণ্টামান পূৰ্বে আমেৰিকাৰ এগৰাকী দূতে চলিত সপ্তাহৰ শেষৰফালেই ইৰানত আক্ৰমণ চলোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল ।

ফ্ল’ৰিডাৰ জনসভাত ট্ৰাম্পে কয়, ‘‘আমি হয়তো পুনৰ এবাৰ সৰু পৰিসৰত ‘Epic Fury’ অভিযান চলাব পাৰো । ইৰানৰ বিৰুদ্ধে আমেৰিকাৰ সামৰিক অভিযানৰ নাম হৈছে ‘Epic Fury’।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰদূ টম বাৰাকে চলিত সপ্তাহৰ শেষৰফালে ইৰানত আক্ৰমণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছিল । তেওঁ কৈছিল, ‘‘এই সপ্তাহৰ শেষত আক্ৰমণ হ’ব পাৰেনে? অৱশ্যেই ।’

কিন্তু জনসভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে ইৰানত সম্ভাৱ্য আক্ৰমণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে বাৰাকৰ মন্তব্যৰ পৰা দূৰত্ব বজাই ৰখা পৰিলক্ষিত হয় । ফ্ল’ৰিডাত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘তেওঁ মোৰ ৰাষ্ট্ৰদূত নেকি? তেওঁ যথেষ্ট ক্ষমতাশালী ব্যক্তি, মোৰ তেনেকুৱাই লাগে। যদি সেয়াই হয়, তেন্তে এই বিষয়ে মই একো নাজানো।’’

তেওঁ লগতে জনায় যে ইৰানৰ চৰকাৰক ক্ষমতাচ্যুত কৰাটো আমেৰিকাৰ উদ্দেশ্য নহয় । ‘‘আপোনালোকে যদি সমগ্ৰ বিশ্ব, আমাৰ সহযোগী দেশসমূহ আৰু উপ-সাগৰীয় অঞ্চলক নিৰন্তৰ ভাবুকি দি থাকে, তেন্তে তাৰ পৰিণাম ভুগিব লাগিব । কিন্তু সেই পৰিণাম চৰকাৰৰ পৰিৱৰ্তন নহ’ব।’

ট্ৰাম্পে মন্তব্য কৰে, ‘‘তেওঁলোক যদি বুদ্ধিমান হয়, তেন্তে ক’ব, ‘আহক, কাম আৰম্ভ কৰো । চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্পে জনাইছিল যে ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মধ্যৱৰ্তী নিৰ্বাচনৰ পূৰ্বে আমেৰিকাই আৰু কোনো আক্ৰমণ নচলায় । এই নিৰ্বাচনৰ জৰিয়তেই মাৰ্কিন কংগ্ৰেছৰ নিয়ন্ত্ৰণ কাৰ হাতত থাকিব, সেয়া নিৰ্ধাৰিত হ’ব।

ইতিমধ্যে এই সংঘাতে আঠ মাহ সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে। ইৰানত আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণ তথা লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। গৃহহীন হৈ পৰিছে লাখ লাখ মানুহ।
##bigupdate #newsupdate #inetrnationalnews #donaldtrump #america #iran #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।