Saturday, 07 November 2026
লগইন
ব্ৰেকিং

ইউক্ৰেইনৰ বিৰুদ্ধে অভিযোগ ৰাছিয়াৰ

ৰাছিয়াৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণ ইউক্ৰেইনৰ!

সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দাবী কৰে যে, ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশে ইজনে সিজনৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণ বন্ধ কৰিবলৈ সন্মত হৈছে, লগতে তেওঁ দুয়োপক্ষকে এই "হাস্য্যকৰ" যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেওবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যুদ্ধবিৰতি ঘোষণা কৰাৰ পিছৰে পৰা ৰাছিয়ান বাহিনীয়ে ইউক্ৰেইনৰ অন্ততঃ ছয়টা শক্তি প্ৰকল্পত আক্ৰমণ চলোৱাৰ কথা ঘোষণা কৰাৰ সময়তে ড'নাল্ড ট্ৰাম্পৰ এই মন্তব্য কৰিছে।

"বাৰু, তেওঁলোক সন্মত হ’ল," ট্ৰাম্পে জেলেনস্কি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰসংগ টানি সাংবাদিকসকলক কয়। "কাৰণ মই ক’লোঁ যে আপোনালোক সন্মত হওক, সেইবাবেই তেওঁলোক সন্মত হ’ল।"

ৰাছিয়াৰ আক্ৰমণৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ডনাল্ড ট্ৰাম্পে কয়, “বাৰু, মই এইটো পৰীক্ষা কৰি চাব লাগিব আৰু বুজিব লাগিব, কিয়নো দুয়োপক্ষৰ পৰাই উলংঘন হৈছে।”

তথ্য অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইনত চলোৱা পূৰ্ণকালীন আক্ৰমণৰ জৰিয়তে আৰম্ভ হোৱা যুদ্ধখনক এক 'বিপৰ্যয়' বুলি অভিহিত কৰে আৰু কোনো প্ৰমাণ দাঙি নধৰাকৈ দাবী কৰে যে, কেৱল এই মাহটোতে কমেও ৩২,০০০ লোক নিহত হৈছে।

ট্ৰাম্পে কয়, “মই কেৱল ইয়াকে জানো যে জেলেনস্কি আৰু পুটিনে একেলগে বহি এই হাস্যকৰ যুদ্ধখন সমাপ্ত কৰিব লাগিব।"

কিভ অপ্ৰত্যাশিতভাৱে হতভম্ব হৈ পৰিছে

দেওবাৰে ট্ৰাম্পে তথাকথিত শক্তি যুদ্ধবিৰতিৰঘোষণা কৰাৰ সময়ত তেওঁ ইউক্ৰেইন আৰু ইয়াৰ ইউৰোপীয় মিত্ৰশক্তি সমূহক সম্পূৰ্ণৰূপে আচৰিত কৰি তুলিছিল। এই ঘোষণাটো তেওঁ ৰাছিয়াৰ ডিজেলৰ ওপৰত আমেৰিকাৰ নিষেধাজ্ঞা সাময়িকভাৱে শিথিল কৰাৰ ঠিক দুদিন পিছতে আহিছিল, যিটো পদক্ষেপে ইউৰোপ আৰু ইউক্ৰেইনত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কয় যে, ই ৰাছিয়াৰ অৰ্থনীতিক পৃথকে ৰখাৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহৰ বহু বছৰীয়া প্ৰচেষ্টাক ওভতাই পেলাইছে আৰু ই পুটিনক কেৱল অধিক সাহসীহে কৰি তুলিব।

যুক্তৰাষ্ট্ৰৰ দুয়োটা মুখ্য ৰাজনৈতিক দলৰ সাংসদসকলে (Lawmakers) প্ৰকাশ কৰিছে যে ৰাছিয়াৰ সৈতে কৰা এই ডিজেল সংক্ৰান্তীয় সিদ্ধান্তই আমেৰিকাৰ আইন উলংঘা কৰা যেন অনুভৱ হৈছে। আনকি কেইবাজনো ৰিপাব্লিকান নেতায়ো ইয়াক লৈ আপত্তি দৰ্শাইছে। তেওঁলোকৰ মতে, এই চুক্তিয়ে পূৰ্বে ডনাল্ড ট্ৰাম্পে নিজেই স্বাক্ষৰ কৰা এখন আইনক দুৰ্বল তথা অৱমাননা কৰিছে, যিখন আইন মছকোৰ (ৰাছিয়া) ওপৰত নিষেধাজ্ঞা অধিক কঠোৰ কৰিবলৈ প্ৰণয়ন কৰা হৈছিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সোমবাৰে উল্লেখ কৰে যে, ইউক্ৰেইনে এক শক্তি যুদ্ধবিৰতি সমৰ্থন কৰিছিল আৰু ৰাতিটোৰ ভিতৰত ৰাছিয়াৰ তেল শোধনাগাৰসমূহত কোনো আক্ৰমণ চলোৱা নাছিল। লগতে তেওঁ উল্লেখ কৰে যে ,কিয়েভে তেওঁলোকৰ ওপৰত বিশ্বাস ৰাখিব পৰাকৈ গেৰাণ্টি চুক্তিত স্বাক্ষৰ কৰিবলৈ সাজু আছে।

কিন্তু তেওঁ "মস্কোৱে কথাটো পালন নকৰিব" বুলি কোৱা কথাষাৰ ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে।

উল্লেখ্য যে, জেলেনস্কিয়ে ছ'চিয়েল মিডিয়াত লিখিছে-“আজি অকলেই ৰাছিয়াই ইউক্ৰেইনৰ ৬টা শক্তি প্ৰতিষ্ঠানত আক্ৰমণ চলাইছে। সমগ্ৰ দেশত ৩৩ জন লোক আহত হৈছে। যেতিয়া ৰাছিয়াই নিজৰ যুদ্ধ যন্ত্ৰৰ বাবে অধিক ৰাজহ সংগ্ৰহৰ সম্ভাৱনা দেখে তেতিয়া এনেকুৱাই ঘটে।”

অৱশ্যে ৰাছিয়াই যুদ্ধত যিকোনো ধৰণৰ বিৰতি অস্বীকাৰ কৰিছে আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে সামৰিক অভিযান অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

মন্ত্ৰী চাৰ্গেই জেলেনস্কিৰ বিষয়ে কয়, “মই ভাবোঁ যে তেওঁ ৰেহাই পোৱাৰ যোগ্য নহয়। মই নাভাবোঁ যে আমি আকৌ আশ্বাস আৰু প্ৰতিশ্ৰুতিত ভোল যাম। ৰাছিয়াই ইউক্ৰেইনত ইয়াৰ তথাকথিত 'বিশেষ সামৰিক অভিযান'ৰ লক্ষ্যসমূহ অব্যাহত ৰাখিব।"

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যকালীন নিৰ্বাচন 

ট্রাম্পে ৰাছিয়াতকৈ ইউক্ৰেইনকহে শান্তিৰ প্ৰধান হেঙাৰ হিচাপে চিত্ৰিত কৰিছে। তেওঁ কয় যে, জেলেনস্কিতকৈ পুটিনহে এটা চুক্তিত উপনীত হ’বলৈ অধিক আগ্ৰহী আৰু ইউক্ৰেইনবাসীক তেওঁলোকৰ ৰাষ্ট্ৰপতিক ভোট দি পদৰ পৰা আঁতৰাবলৈ আহ্বান জনাইছে। ২০২৫ চনত ট্ৰাম্প হোৱাইট হাউচলৈ ঘূৰি অহাৰ পিছৰে পৰা দুয়োৰে মাজত থকা সম্পৰ্কটোত যি উত্তেজনা দেখা গৈছিল, তাৰ মাজতে এয়া এক অস্বাভাৱিকভাৱে কঠোৰ স্থিতি হিচাপে বিবেচিত হৈছে।

ৱাশ্বিংটন ডি.চি.ৰ পৰা এজন আন্তঃৰাষ্ট্ৰীয় সংবাদকৰ্মীয়ে জনোৱা অনুসৰি, ড’নাল্ড ট্ৰাম্পে পূৰ্বেও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এনে কিছুমান বুজাবুজি বা চুক্তিৰ কথা ঘোষণা কৰিছিল, যিবোৰ আচলতে কেতিয়াও বাস্তৱায়িত হোৱা নাছিল। 

তেওঁ কয় যে "তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষক আৰু পশুপালকসকলৰ দৰে উদ্যোগবোৰক সুৰক্ষা দিব বিচাৰে, আৰু তাৰ বাবে তেওঁক মূল্য হ্ৰাস হোৱাৰ প্ৰয়োজন। কিন্তু এনে লাগিছে যেন তেওঁ ভাবিছে তাত কিবা এটা বুজাবুজি হৈছে, কিন্তু আন কোনেও নিশ্চিত নহয় যে আচলতে তেনে কোনো বুজাবুজি হৈছে নে নাই।"

শেহতীয়া ঘোষণাটো ৩ নৱেম্বৰত হ’বলগীয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনৰ পূৰ্বে ডিজেলৰ দাম হ্ৰাস কৰাৰ বাবে ট্রাম্পৰ ইচ্ছাৰ দ্বাৰা পৰিচালিত হোৱা যেন অনুভৱ কৰা হৈছে।

উল্লেখ্য যে, নিৰ্বাচনী সমীক্ষাসমূহৰ ভৱিষ্যদ্বাণী অনুসৰি, পেট্ৰ’ল আৰু নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ ক্ৰমবৰ্ধমান মূল্যবৃদ্ধিক লৈ ভোটাৰৰ অসন্তুষ্টিৰ বাবে ২০২৬ চনৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টীয়ে আমেৰিকাৰ কংগ্ৰেছৰ নিয়ন্ত্ৰণ হেৰুৱাব পাৰে।

এছ'চিয়েটেড প্ৰেছ সংবাদ সংস্থা আৰু চিকাগো বিশ্ববিদ্যালয়ৰ দ্বাৰা ১ অক্টোবৰত প্ৰকাশিত এটা জনমত সমীক্ষা অনুসৰি, ৬৫ শতাংশ আমেৰিকান প্ৰাপ্তবয়স্ক লোকে দেশখনৰ উচ্চ জীৱন ধাৰণৰ ব্যয়ৰ বাবে হোৱাইট হাউচ অৰ্থাৎ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নীতিসমূহক জগৰীয়া কৰিছে।

আনহাতে, ইউক্ৰেইনৰ ইউৰোপীয় মিত্ৰশক্তিৰ দেশসমূহে শক্তি যুদ্ধবিৰতিৰ সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছে আৰু ২০২২ চনত ৰাছিয়াই কৰা আক্ৰমণৰ পিছত ইউৰোপীয় ইউনিয়নৰ আটাইতকৈ ডাঙৰ নিষেধাজ্ঞা বাধানিষিদ্ধসমূহ অনুমোদন জনাইছে।

তথ্য অনুসৰি, মস্কোৰ ওপৰত চাপ অব্যাহত ৰাখিবলৈ গোটটোৰ বৈদেশিক মন্ত্ৰীসকলে তেওঁলোকৰ নিষেধাজ্ঞা তালিকাত প্ৰায় ১,৫৬৯ জন ব্যক্তি আৰু ব্যৱসায়িক প্ৰতিষ্ঠান অন্তৰ্ভুক্ত কৰে।

"ৰাছিয়াই কেৱল চাপৰ মুখেৰেহে গুৰুত্বসহকাৰে আলোচনা কৰিব, আৰু সেইবাবেই আমি ৰাছিয়াৰ বিৰুদ্ধে আমাৰ নিষেধাজ্ঞা অব্যাহত ৰাখিছোঁ।" বাৰ্লিনত জাৰ্মান চেন্সেলৰ ফ্ৰীডৰিখ মেৰ্জে এইদৰে উল্লেখ কৰে।
##bigupdate #newsupdate #russia #ukraine #internationalnews #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।