Saturday, 21 November 2026
লগইন

বিজয় মাৰ্চেণ্ট ট্ৰফীত নাগালেণ্ডক মাত্ৰ ৫৫ ৰানত অলআউট মেঘালয়ৰ

বিজয়ৰ দিশে মেঘালয়!

নিউজ ডেস্ক : শনিবাৰে ডেৰাডুনত অনুষ্ঠিত বিজয় মাৰ্চেণ্ট ট্ৰফীৰ প্লেট মেচখনৰ প্ৰথম দিনাই নাগালেণ্ডৰ বিৰুদ্ধে প্ৰথম ইনিংছত ১০১ ৰানৰ অগ্ৰগতি লাভ কৰি মেচখনত শক্তিশালী স্থিতি দখল কৰে মেঘালয়ৰ অনূৰ্ধ্ব-১৬ ক্ৰিকেট দলে।

ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত মেঘালয়ৰ বলাৰৰ আক্ৰমণত দিশহাৰা হৈ নাগালেণ্ডৰ দলটো মাত্ৰ ৩৪ অভাৰত ৫৫ ৰানতে অলআউট হয়। মেঘালয়ৰ পেচ বলাৰ শিধান্ত ৰাণাই বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। তেওঁ ৯ অভাৰত মাত্ৰ ১৫ ৰান দি ৬টা উইকেট দখল কৰি প্ৰতিপক্ষৰ টপ অৰ্ডাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে।

অৱশ্যে, বেটিঙত মেঘালয়ৰ আৰম্ভণি আশানুৰূপ হোৱা নাছিল। দলটোৰ টপ অৰ্ডাৰৰ বেটাৰসকলে ক্ৰীজত থিতাপি ল’বলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। এনে পৰিস্থিতিত অধিনায়ক সূৰজ ছেত্ৰীয়ে ১২৫টা বলত ৬টা চাৰিৰে অপৰাজিত ৫৬ ৰান সংগ্ৰহ কৰি দলৰ ইনিংছ চম্ভালি লয় আৰু স্ক’ৰব’ৰ্ড সচল কৰি ৰাখে।

উল্লেখ্য যে, অপেনাৰ অভিষেক দাসে ৭১টা বলত ২৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আদিত্য সিঙে ১২৬টা বলত ধৈৰ্যসহকাৰে ২২ ৰান কৰে। দুয়োগৰাকী বেটাৰ কন্নেই ফ’মৰ বলত আউট হয়। ফ’মে ১৩ অভাৰত ২৩ ৰান ব্যয় কৰি দুটা উইকেট দখল কৰে।

দিনটোৰ খেল সামৰণি পৰাৰ সময়লৈকে মেঘালয়ৰ ৭টা উইকেটৰ পতন ঘটিছিল। সেই সময়ত অদ্বয় ৰতন ছুৰানা ২৭টা বলত তিনিটা চাৰিৰে ১৫ ৰান কৰি অপৰাজিত হৈ আছিল। দ্বিতীয় দিনা তেওঁ অধিনায়ক ছেত্ৰীৰ সৈতে পুনৰ দলৰ ইনিংছ আগবঢ়াব।

নাগালেণ্ডৰ বলাৰসকলে ৰান সংগ্ৰহত বাধা দিবলৈ চেষ্টা চলায়। মেটছিঅ’ই সাতটা মেডেন অভাৰ বল কৰাৰ বিপৰীতে ফ’মে দুটা উইকেট দখল কৰে। অৱশ্যে, মেঘালয়ৰ বেটাৰসকলৰ শৃংখলাবদ্ধ বেটিঙৰ ফলত দ্বিতীয় দিনাৰ খেললৈ দলটোৱে যথেষ্ট অগ্ৰগতি আৰু সুবিধাজনক স্থিতি লৈ আগবাঢ়ে।

মেঘালয় ক্ৰিকেট সন্থাৰ সভাপতি জেমছ চাংমাই যুৱ খেলুৱৈসকলৰ প্ৰদৰ্শনৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ এই প্ৰদৰ্শনক ৰাজ্যখনৰ ক্ৰিকেটৰ ভৱিষ্যতৰ বাবে এক আশাব্যঞ্জক সংকেত বুলি অভিহিত কৰে।

“আজিৰ প্ৰদৰ্শনে প্ৰমাণ কৰে যে আমাৰ কণমানি খেলুৱৈসকলেও ক্ৰিকেটৰ এই ফৰ্মেটৰ সৈতে নিজকে খাপ খুৱাবলৈ শিকিছে। আগন্তুক দিনৰ বাবে এয়া আমাৰ বাবে এক আশাব্যঞ্জক সংকেত” বুলি তেওঁ উল্লেখ কৰে। লগতে তেওঁ কয় যে , কম বয়সৰ পৰাই প্ৰতিভাৱান খেলুৱৈসকলক চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ আৰু পৰিচৰ্যাৰ জৰিয়তে গঢ়ি তোলাটো অত্যন্ত জৰুৰী।
##bigupdate #newsupdate #nagalandvsmeghalaya #vijaymarchenttrophy #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।