Saturday, 07 November 2026
লগইন
ব্ৰেকিং

আজি বিশ্ব পৰ্যটন দিৱস, ২০২৬

আজি বিশ্ব পৰ্যটন দিৱস, ২০২৬

আজি ২৭ ছেপ্টেম্বৰ, বিশ্ব পৰ্যটন দিৱস। ১৯৮০ চনত এই দিৱস উদযাপন কৰা হৈছিল আৰু সেই বছৰতেই প্ৰথম বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়। ১৯৮০ চনত উদযাপন কৰা বিশ্ব পৰ্যটন দিৱসটো "সাংস্কৃতিক ঐতিহ্য আৰু শান্তি আৰু পাৰস্পৰিক বুজাবুজিৰ সংৰক্ষণত পৰ্যটনৰ অৱদান" শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰা হৈছিল।

উল্লেখ্য যে, ৰাষ্ট্ৰসংঘৰ পৰ্যটন সংস্থাৰ অনুসৰি মূল বিষয়বস্তু আৰু ডিজিটেল গোলকীকৰণ , ২০২৬ চনৰ মূল বিষয়বস্তু হৈছে- GFX:"Digital Agenda and Artificial Intelligence to Redesign Tourism"। বৰ্তমান সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল সঁজুলিসমূহে কেনেকৈ ভ্ৰমণকাৰীৰ অভিজ্ঞতা সহজ কৰি তুলিব পাৰে আৰু বহনক্ষম পৰ্যটনৰ বিকাশ ঘটাব পাৰে, সেই বিষয়ে সজাগতা সৃষ্টি কৰাটোৱেই হৈছে ইয়াৰ মূল লক্ষ্য।

ইফালে , ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে এই বিশেষ দিৱস উপলক্ষে নতুন দিল্লীৰ বিখ্যাত ভাৰত মণ্ডপত এক বিশেষ কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰিছে। সমগ্ৰ দেশৰ দৰে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰ আৰু শিক্ষানুষ্ঠানসমূহতো সোমবাৰে কেইবাটাও সজাগতামূলক সমদল, আলোচনা চক্ৰ আৰু সাংস্কৃতি্ক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অসমৰ কাজিৰঙা, মাজুলী আৰু কামাখ্যাৰ নিচিনা গুৰুত্বপূৰ্ণ পৰ্যটনস্থলীসমূহতো দেশী-বিদেশী পৰ্যটকক আদৰিবলৈ স্থানীয় প্ৰশাসনে বিশেষ ব্যৱস্থা লৈছে। চলিত বৰ্ষৰ 'স্বচ্ছতা হি সেৱা' অভিযানৰ অংশ হিচাপে সোমবাৰে সকলো মুখ্য পৰ্যটনস্থলীত পৰিস্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচীও ৰূপায়ণ কৰা হ'ব।
##worldtourismday#latestnews#newsupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।