সোমবাৰে বেইজিঙত আৰম্ভ হৈছিল পঞ্চম প্লেনাম। বৃহস্পতিবাৰে ইয়াৰ সমাপ্তি ঘটে। একদলীয় চীনৰ চৰকাৰী সংবাদমাধ্যমে জনোৱা মতে, দলৰ অভ্যন্তৰত ‘স্ব-শাসনৰ ক্ষেত্ৰত পূৰ্ণাঙ্গতা আৰু কঠোৰতাৰ ধাৰাবাহিক অগ্ৰগতি’ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আলোচনা অধিৱেশনৰ মূল কাৰ্যসূচী আছিল। কিন্তু শ্বিনহুৱাই প্ৰকাশ কৰা ছবিৰ ‘সৌজন্যতে’ কমিউনিষ্ট নেতৃত্বৰ আলোচনা আৰু পদক্ষেপৰ বিষয়টো পিছপৰি গৈছে।
তখ্য অনুসৰি, পঞ্চম প্লেনামত ২৭৯ জন প্ৰতিনিধি উপস্থিত থাকে। আনহাতে, বৰ্তমানৰ ২০তম কেন্দ্ৰীয় কমিটিত ২০৫ জন পূৰ্ণ সদস্য আৰু ১৭১ জন বিকল্প (আমন্ত্ৰিত) সদস্য মিলাই মুঠ ৩৭৬ জন সদস্য আছে। অৰ্থাৎ, কমিটীৰ প্ৰায় ২৫ শতাংশ সদস্যৰ চকী পঞ্চম প্লেনামত খালী হৈ আছিল! ব্ৰিটিছ সংবাদমাধ্যম ‘দ্য গাৰ্ডিয়ান’-ত প্ৰকাশিত এক খবৰ অনুসৰি, মাও জে দঙৰ যুগৰ পাছত কমিউনিষ্ট পাৰ্টিৰ প্লেনামৰ ইতিহাসত এয়াই সৰ্বনিম্ন উপস্থিতিৰ অভিলেখ।
প্লেনামৰ শেষত প্ৰকাশিত বিবৃতিত কোৱা হৈছে যে, দলীয় শৃংখলাভংগৰ অভিযোগত অভিলেখসংখ্যক ৩৩ জন শীৰ্ষ বিষয়াক আনুষ্ঠানিকভাৱে বহিষ্কাৰ কৰা হৈছে। ঘটনাচক্ৰত, ইয়াৰ ভিতৰত ১৬ জন চীনা সেনা—পিপল্ছ লিবাৰেচন আৰ্মী (পিএলএ)-ৰ শীৰ্ষ বিষয়া।
এই তালিকাৰ আটাইতকৈ উল্লেখযোগ্য নামসমূহৰ ভিতৰত আছে চেণ্ট্ৰেল মিলিটাৰী কমিছন (চিএমচি)-ৰ উপাধ্যক্ষ ঝাং ইউশিয়া, জইণ্ট ষ্টাফ ডিপাৰ্টমেণ্টৰ প্ৰধান লিউ জেনলি, চিএমচি-ৰ ৰাজনৈতিক শাখাৰ সঞ্চালক মিয়াও হুয়া, নৌসেনাৰ ‘চিফ অৱ ষ্টাফ’ ভাইচ এডমিৰেল লি হানজুন আৰু পিএলএ-ৰ ইঞ্জিনিয়াৰিং শাখাৰ শীৰ্ষ বিষয়া লিউ শ্বিপং।
চীনৰ সামৰিক গাঁথনিৰ শীৰ্ষ পদত থকা এই বিষয়াসকলক অপসাৰণ কৰাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। এই পদক্ষেপৰ ফলত বৰ্তমান সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ নিয়ন্ত্ৰক সংস্থা চেণ্ট্ৰেল মিলিটাৰী কমিছনত কেৱল ৰাষ্ট্ৰপতি শ্বি জিনপিং আৰু জেনেৰেল ঝাং শেংমিনহে অৱশিষ্ট থাকিল।
ইয়াৰ উপৰিও, দুৰ্নীতি আৰু অন্যান্য কাৰণত কেন্দ্ৰীয় কমিটীৰ কেইবাজনো সদস্যৰ—যাৰ ভিতৰত সেনা বিষয়াসকলো আছে—বিৰোধত তদন্ত আৰু শাস্তিমূলক ব্যৱস্থা চলি আছে বুলিও প্ৰকাশিত খবৰসমূহত দাবী কৰা হৈছে।
উলেলেখ্য যে, চৰকাৰী বিবৃতিত শৃংখলাভংগ, ক্ষমতাৰ অপব্যৱহাৰ, দুৰ্নীতিসহ বিভিন্ন অভিযোগ উত্থাপন কৰা হৈছে যদিও, কেইবাটাও বিদেশী পৰ্যবেক্ষক সংস্থা আৰু সংবাদমাধ্যমে অভিযোগ কৰিছে যে, সংবিধান সংশোধন কৰি শ্বি জিনপিঙে আজীৱন শীৰ্ষ পদত থকাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই বিষয়াসকলে আপত্তি তুলিছিল।
চেয়াৰমেন মাওৰ যুগৰ পৰাই কমিউনিষ্ট শাসিত চীনত দুটা কাৰ্যকালতকৈ অধিক সময় ৰাষ্ট্ৰপতি পদত থকাৰ ক্ষেত্ৰত সাংবিধানিক বাধা আছিল। কিন্তু ২০১৮ চনত ৰাষ্ট্ৰীয় সংসদ—নেশ্যনেল পিপলছ কংগ্ৰেছে—সংবিধান সংশোধন কৰি সেই সময়সীমা উঠাই দিয়ে।
ফলত, শ্বি জিনপিঙে কাৰ্যত আজীৱন দল আৰু চৰকাৰৰ শীৰ্ষ পদত থকাৰ বৈধতা লাভ কৰে। অৱশ্যে ২০১২ চনত ক্ষমতালৈ অহাৰ পাছৰে পৰা জিনপিঙে দুৰ্নীতিৰ অভিযোগত এটাৰ পিছত আনটো সেনা বিষয়াক অপসাৰণ কৰি আহিছে। লালফৌজৰ ভিতৰত বিদ্ৰোহৰ আশংকাতেই তেওঁ বাৰে বাৰে এনে পদক্ষেপ লৈছে বুলি বহুতে মনে কৰে।
যদিও, অহা বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ২১তম পাৰ্টি কংগ্ৰেছত ‘শীৰ্ষ নেতৃত্বৰ পৰিৱৰ্তন’ হ’ব পাৰে বুলি ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে। সেইবাবেই জিনপিঙে আগতীয়াকৈ ‘কাঁটা উঘালিবলৈ’ সক্ৰিয় হৈছে নেকি—পঞ্চম প্লেনামে তেনে ইংগিতেই দিলে নেকি?

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।